BJP State president visits Teok: ব’হাগে ৰাজ্যলৈ সুখ সমৃদ্ধি কঢ়িয়াই অনাৰ আশা ভৱেশ কলিতাৰ

By

Published : Apr 11, 2023, 10:47 PM IST

thumbnail

টীয়ক, 11 এপ্ৰিল : টীয়কত উপস্থিত হয় বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ৷ টীয়কৰ দলীয় সতীৰ্থসকলৰ সৈতে তেওঁ সাংগঠনিক বৈঠকত মিলিত হয় আৰু দলীয় সতীৰ্থ সকলক ৰাইজৰ হকে কাম কৰি যাবলৈ আহ্বান জনায় ৷ ইপিনে টীয়কৰ পৰা অসমীয়াৰ আপোন ৰঙালী বিহুটিয়ে যাতে সকলোলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনে তাৰ কামনা কৰি চৰকাৰে আপোন বিহুটিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ অৰ্থে অহা ১৪ এপ্ৰিলত যি প্ৰয়াস কৰিছে সেয়া আদৰণীয় বুলি সাংবাদিকৰ আগত মত প্ৰকাশ কৰে সভাপতিজনে (BJP State president Bhabesh kalita visits Teok) ৷

সভাপতিজনে বিহু উদযাপন সমিতিসমূহলৈ থকা সু খবৰৰ কথাও উল্লেখ কৰে ৷ বুধবাৰে মুখ্যমন্ত্ৰীয়ে বিহু উদযাপনৰ বাবে সমিতিসমূহক প্ৰদান কৰিব ডেৰ লাখকৈ টকা ৷ বিগত বৰ্ষৰ দৰে বিহু উদযাপনৰ বাবে সমগ্ৰ অসমৰে দহ বছৰৰ অধিক কাল বিহু উদযাপন কৰি থকা সমিতিসমূহলৈ চৰকাৰে এইবাৰো ডেৰ লাখ টকাৰ অনুদান প্ৰদান কৰিব আৰু এয়া কাইলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব বুলিও জানিবলৈ দিয়ে সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক : Guinness book of world record Bihu : বিহুনাচৰ বিশাল আয়োজন আৰু মুখ্যমন্ত্রীৰ দুখন সংবাদমেল !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.