কোম্পানীৰ মালিকৰ দৰে দল চলাইছে লুৰীণজ্যোতি গগৈয়ে: চক্ৰধৰ গগৈ

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 10:50 PM IST

thumbnail

মৰাণ, 28 নৱেম্বৰ: সমাগত লোকসভা নিৰ্বাচনক লৈ শাসক-বিৰোধী সকলো ৰাজনৈতিক দলে নিজৰ সাংগঠনিক কামকাজত ব্যস্ত হৈছে । তেনে সময়তে অসম জাতীয় পৰিষদত দেখা দিছে অন্তঃকন্দলে । দুলু আহমেদে উপ-সভাপতিৰ পদ ত্যাগ কৰা ঘটনাই ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা লাভ কৰিছে । অসম জাতীয় পৰিষদৰ মাজত সৃষ্টি হোৱা অন্তঃকন্দলক লৈ মৰাণত প্ৰতিক্ৰিয়া বিধায়ক চক্ৰধৰ গগৈৰ । 

লুৰীণজ্যোতি গগৈৰ একনায়কত্ববাদৰ বাবে আজি দুলু আহমেদে দলৰ দায়িত্ব ত্যাগ কৰিবলগীয়া হ'ল বুলি কয় মৰাণৰ বিধায়কজনে । বিজেপিৰ লগত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ কোনোবা দল আগবাঢ়ি আহিলেও বিজেপিৰ লগত যুঁজ দিব পৰা কোনো দলেই এতিয়া অসমত নাই বুলি কয় গগৈয়ে । লগতে আপ অসমে ডিব্ৰুগড়ত বিশাল বাইক ৰেলী কৰাক লৈ বিধায়ক চক্ৰধৰ গগৈয়ে কয় যে বিজেপি দল প্ৰতিটো মুহূৰ্তত নিৰ্বাচন খেলিবলৈ সাজু আছে ৷ নতুনকৈ প্ৰচাৰ চলাবলৈ প্ৰয়োজন নাই ।

লগতে পঢ়ক: মন্ত্ৰী বনাম সাংসদ ! শোণিতপুৰত চলিছে সিংহল-পল্লৱৰ ক্ষমতাৰ যুঁজ !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.