Congress press meet: বিজেপিৰ প্ৰভাৱশালী নেতাৰ নেতৃত্বত তিনিচুকীয়াত কাঠৰ চোৰাং সৰবৰাহ !

By

Published : Jul 23, 2023, 8:57 PM IST

thumbnail

তিনিচুকীয়া, ২৩ জুলাই: তিনিচুকীয়াৰ কংগ্ৰেছ ভৱনত দেওবাৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছে এখন সংবাদমেল সম্বোধন কৰি চোৰাং কাঠৰ সৰবৰাহত বিজেপি নেতাৰ নাম সাঙোৰ খাই থকা বুলি অভিযোগ কৰে । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ যুটীয়া সম্পাদক শিৱনাথ চেতিয়া, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ সভাপতি ডেভিদ ফুকনৰ লগতে তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছৰ নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত সংবাদমেলত ৰাজ্যত অব্যাহত থকা চোৰাং কাঠৰ সৰবৰাহৰ সন্দৰ্ভত সৰৱ হৈ পৰে ৷

সংবাদমেলত তেওঁলোকে শাসকীয় বিজেপি চৰকাৰৰ একাংশ প্ৰভাৱশালী নেতাৰ নেতৃত্বত  কাঠৰ চোৰাং সৰবৰাহ তথা চিণ্ডিকেট চলি থকাৰ অভিযোগ উত্থাপন কৰে ৷ এইক্ষেত্ৰত সৰকাৰ উপাধিৰ এজন লোকৰ নেতৃত্বত কাঠৰ চিণ্ডিকেট চলা বুলি অভিযোগ কৰে । 

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ যুটীয়া সম্পাদক শিৱনাথ চেতিয়া লগতে ৰাজ্যিক বিজেপিৰ সভাপতিৰ নামত তথা বিজেপি SC মৰ্চাৰ নেতৃত্বৰ নেতৃত্বত এই চিণ্ডিকেট চলি থকাৰ অভিযোগ উত্থাপন কৰে ৷ এইক্ষেত্ৰত বন বিভাগ, পৰিবহন বিভাগ, আৰক্ষীও আওপকীয়াকৈ জড়িত আছে বুলি কয় ৷ এইক্ষেত্ৰত চৰকাৰৰ সৎ সাহস থাকিলে CBIতদন্ত ঘোষণা কৰিবলৈ কংগ্ৰেছে প্ৰত্য়াহ্বান জনাইছে ।

লগতে পঢ়ক:Encounter in Khowang: ডিব্ৰুগড়ত সন্দেহজনক আলফা(স্বাঃ)ৰ দুই লিংকমেন আটক; আৰক্ষীৰ গুলীত আহত এজন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.