2024 ত পুনৰ বিজেপি চৰকাৰ অহাৰ ইংগিত তিনি ৰাজ্যৰ বিজয়; অমিয় ভূঞা

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 8:04 PM IST

thumbnail

বিহপুৰীয়া, ৩ ডিচেম্বৰ : আজি ঘোষণা হ'ল চাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল । ইয়াৰে তিনিখন ৰাজ্য দখলৰ পিছত দেশজুৰি বিজেপিৰ হৰ্ষ-উল্লাস । বিহপুৰীয়াত বিজেপিৰ কাৰ্যকৰ্তাই ফটকা ফুটাই পালন কৰিলে বিজয় উৎসৱ ।  

এই বিজয় উৎসৱত উপস্থিত থাকি বিহপুৰীয়াৰ বিজেপি বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাই অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাক কটাক্ষ কৰে । তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীক দুৰ্নীতিগ্ৰস্ত, অহংকাৰী আৰু কমিছন সংগ্ৰহকাৰী বুলি আখ্যা দিয়ে । বিজেপিৰ আজিৰ এই জয় নতুন ভাৰতৰ জয়, দুখীয়া নিচলাৰ জয় বুলি অভিহিত কৰি  বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাই পুনৰ কয় যে এই বিজয়ে ২০২৪ ত যে পুনৰবাৰ কেন্দ্ৰত বিজেপিৰ চৰকাৰ গঠন হ'ব সেই কথাকে প্ৰমাণ কৰিলে ।

লগতে পঢ়ক: মিজোৰামত যি দলেই জিকিব বিজেপি তাৰেই লগত থাকিব: হিমন্ত বিশ্ব শৰ্মা

TAGGED:

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.