575th Birth anniversary of Sankardev:চিলাপথাৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱত ভাগৱত শোভাযাত্ৰা

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 8:00 PM IST

thumbnail

জোনাই, ২৫ ছেপ্টেম্বৰ: ৰাজ্য়ৰ বিভিন্ন অঞ্চলৰ লগতে চিলাপথাৰতো উদযাপন কৰা হ'ল শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৫ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ । চিলাপথাৰৰ কুলামুৱাস্থিত বৰনামঘৰত শ্ৰীমন্ত শঙ্কৰদেৱ নামধৰ্ম জনজাতি সমাজৰ চিলাপথাৰ আঞ্চলিকৰ উদ্যোগত দিনজোৰাকৈ অনুষ্ঠিত হয় গুৰুজনাৰ জন্মোৎসৱ । পুৱাৰে পৰা দেখা গ'ল উখল মাখল পৰিৱেশ । গুৰু বন্দনাৰে মুখৰিত হ'ল আকাশ বতাহ ।  

অসংখ্য ভক্তৰ উপস্থিতিত নাম প্ৰসংগ আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে কুলামুৱা বৰনামঘৰ । সমূহীয়া প্ৰাৰ্থনা আৰু ধৰ্মধ্বজ্জা উত্তোলনৰ পিছতে আৰম্ভ হয় অবিৰত নাম প্ৰসংগ । এই উপলক্ষে উলিওৱা হয় এক বিশাল ভাগৱত শোভাযাত্ৰা । তামোলৰ টোপোলা আৰু নৈবেদ্যৰে আশিস ল'লে ভক্তসকলে । জয়ধ্বনি আৰু হৰি নামৰে উখল মাখল পৰিৱেশত উলিওৱা সমদলে আকৰ্ষিত কৰে ভক্ত প্ৰাণ ৰাইজক । গুৰুজনাৰ আদৰ্শ প্ৰচাৰ আৰু প্ৰসাৰ কৰাই নামধৰ্ম জনজাতি সমাজৰ এক অন্যতম উদেশ্য বুলি সদৰী কৰে কাৰ্য্যসূচীৰ আয়োজকে ।  

লগতে পঢ়ক:A youth detained in Tinsukia:নিউ তিনিচুকীয়া জংচনত চুপাৰি, পেৰিছ চিগাৰেটসহ আটক এটা সৰবৰাহকাৰী   

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.