A youth detained in Tinsukia:নিউ তিনিচুকীয়া জংচনত চুপাৰি, পেৰিছ চিগাৰেটসহ আটক এটা সৰবৰাহকাৰী

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 7:12 PM IST

thumbnail

তিনিচুকীয়া, ২৫ ছেপ্টেম্বৰ : ৰে’লৰ জৰিয়তে বিভিন্নজনে দীৰ্ঘদিন ধৰি সৰবৰাহ কৰি আহিছে অবৈধ সামগ্ৰী ৷ আৰক্ষী যিমানে কঠোৰ হ’লেও কিন্তু অবৈধ কাৰবাৰ ৰাজ্যত চলিয়েই আছে ৷ অইন দিনাৰ দৰে সোমবাৰেও নিউ তিনিচুকীয়া জংচনত সৰবৰাহ কৰি আনিছিল চুপাৰিৰ লগতে পেৰিছ চিগাৰেট আৰু উইনচ্‌ চিগাৰেট, কিন্তু দিন বেয়া আছিল সৰবৰাহকাৰীৰ ৷

ডিমাপুৰৰ পৰা তিনিচুকীয়াৰ বিকাশ ভগত নামৰ এজন লোকৰ বাবে কামৰূপ এক্সপ্ৰেছৰ জৰিয়তে সুমন মাহাতো নামৰ এজন যুৱকে এই অবৈধ সামগ্ৰীবোৰ সৰবৰাহ কৰি আনোতেই ৰে’লৱে সুৰক্ষা বাহিনীয়ে জব্দ কৰে ৷ জব্দ কৰা সামগ্ৰীখিনিৰ ভিতৰত আছিল প্ৰায় এক কুইণ্টল ওজনৰ ৪ বস্তা চুপাৰি, ৫০ বাণ্ডিল পেৰিছ চিগাৰেট আৰু ৪৮ বাণ্ডিল উইনচ্‌ চিগাৰেট ৷ ৰে’লৱে সুৰক্ষা বাহিনীয়ে যুৱকজনক আটক কৰাৰ লগতে অব্যাহত ৰাখিছে মাৰাথন জেৰা ৷

লগতে পঢ়ক : Drugs Peddler detained :নলবাৰী চহৰৰ মাজমজিয়াত ড্ৰাগছসহ আটক এটা সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.