Drugs Peddler detained :নলবাৰী চহৰৰ মাজমজিয়াত ড্ৰাগছসহ আটক এটা সৰবৰাহকাৰী

By

Published : Aug 3, 2023, 9:21 PM IST

thumbnail

নলবাৰী, 3 আগষ্ট : নলবাৰী চহৰৰ মাজমজিয়াত ড্ৰাগছসহ আটক এটা সৰবৰাহকাৰী । পুৰ্ৱশ্ৰী হোটেলৰ কাষৰ পৰা নিষিদ্ধ ড্ৰাগছৰ সৈতে এটা ড্ৰাগছ আসক্তক আটক কৰে আৰক্ষীয়ে ।

নলবাৰী চহৰৰ মাজমজিয়াত ড্ৰাগছৰ ৰমৰমীয়া বেহা । ড্ৰাগছ তথা অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষী যিমানেই কঠোৰ হৈছে সিমানেই ন ন কৌশলেৰে ড্ৰাগছৰ বেহা চলাই গৈছে সৰবৰাহকাৰীয়ে । এইবাৰ নলবাৰী চহৰৰ মাজমজিয়াত আটক হয় এটি ড্ৰাগছ সৰবৰাহকাৰী । দ্বীপজ্যোতি শৰ্মাৰ নেতৃত্বত নলবাৰী আৰক্ষীয়ে বৃহস্পতিবাৰে বিয়লিৰ ভাগত চহৰৰ মাজমজিয়াত অভিযান চলাই আটক কৰে ড্ৰাগছ আসক্তটোক ।

ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো আখাৰাৰ গগণ দাস বুলি জানিব পৰা গৈছে  । ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা পৰা তিনিটা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ উদ্ধাৰ কৰে নলবাৰী সদৰ আৰক্ষীয়ে । সৰবৰাহকাৰীটোক আটক কৰি থানালৈ লৈ যায় আৰক্ষীয়ে ।

লগতে পঢ়ক : One detained with drugs:নীলামবজাৰ আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে এটা সৰবৰাহকাৰীক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.