575th Birth anniversary of Sankardev: ঢেকীয়াখোৱা বৰনামঘৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপন

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 4:14 PM IST

thumbnail

টীয়ক, ২৪ ছেপ্টেম্বৰ: আজি অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাপক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মজয়ন্তী । ৰাজ্যবাসীয়ে দেওবাৰে উলহ-মালহেৰে গুৰুজনাৰ জন্মোৎসৱ উদযাপন কৰে । ৰাজ্যৰ অনান্য প্ৰান্তৰ লগতে পূব যোৰহাটৰ অন্যতম ঐতিহাসিক পীঠ মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত পুৱাৰে পৰা উখল মাখল পৰিৱেশে বিৰাজ কৰে ৷  

পুৱাৰে পৰা ভকত বৈষ্ণৱৰ পাৰভঙা উৎসাহ ৷ গুৰুজনাৰ সৃষ্টিৰাজিৰ গুনানুকীৰ্তনেৰে জীপাল হৈছে বৰনামঘৰৰ বাকৰি । পুৱা উষা কীৰ্ত্তন,নাম প্ৰসংগৰ পাছতে দিহানাম নাম, হৰি নামৰ চৰ্চা কৰি ভাগৱত ভ্ৰমণ কাৰ্যসূচী ৰূপায়ন কৰে । ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতি, মাধৱদেৱ সংগীত মহাবিদ্যালয়, ঢেকীয়াখোৱাৰ ৰাইজ তথা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তৰ বৈষ্ণৱে এই ভাগৱত ভ্ৰমণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি হৰি নামৰ ধ্বনিৰে মুখৰিত কৰে সমগ্ৰ পৰিৱেশ ।

ইপিনে, ভাগৱত ভ্ৰমণৰ পাচতে মূল নাম প্ৰসংগ দিহানাম, কীৰ্ত্তন পাঠ, বৰগীত, সত্ৰীয়া নৃত্য পৰিৱেশন আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷ সন্ধিয়ালৈ মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টিৰাজি ভাওনা প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক:575th Birth anniversary of Sankardev: জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 575 সংখ্যক জন্মোৎসৱ উদযাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.