পৰিভ্ৰমী পক্ষীৰে জাতিষ্কাৰ লাওঁখোৱা, বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 10:28 AM IST

thumbnail

চামগুৰি, ১২ জানুৱাৰী: সদ্য বেদখলমুক্ত লাওঁখোৱা আৰু বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য দুখনত বনৰীয়া জীৱ-জন্তু, পশু-পক্ষীৰে জাতিষ্কাৰ হৈ পৰিছে । পৰিভ্ৰমী চৰাইৰ কলৰবেৰে মুখৰিত হৈ পৰিছে অভয়াৰণ্য দুখন । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমান্তৰালভাৱে অভয়াৰণ্য দুখনত বৃহস্পতিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে পক্ষী গণনা । ৰাজ্যৰ কেইবাখনো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰা অহা প্ৰায় শতাধিক স্বেচ্ছাসেৱক ছাত্ৰ-ছাত্ৰীৰ সহযোগত বনবিভাগৰ ২৮ টাকৈ দলে অভয়াৰণ্য দুখনত আৰম্ভ কৰে পক্ষী গণনা ।  

বন্যপ্ৰাণী সংমণ্ডলৰ নগাঁও জিলা বন বিষয়াৰ নেতৃত্বত চলি থকা গণনা প্ৰক্ৰিয়াত অভয়াৰণ্য দুখনত বিচৰণ কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰা হৈছে কেইবাটাও পৰিভ্ৰমী চৰাইৰ প্ৰজাতি । পুৱা বহু সময়লৈকে আৱৰি ধৰা ডাঠ কুঁৱলীৰ বাবে গণনা প্ৰক্ৰিয়াত কিছু ব্যঘাত জন্মিছিল যদিও দিনটোৰ মাজভাগৰে পৰা পূৰ্ণ উদ্যমেৰে আৰম্ভ হয় গণনা প্ৰক্ৰিয়া । 

লগতে পঢ়ক: বিশ্বনাথ কেন্দ্ৰীয় বনাঞ্চলিকৰ শিবিৰত সফল সামৰণি পক্ষী গণনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.