কাঁচিলৈ সোণগুটি চপাবলৈ আঘোণৰ পথাৰত নামিল ছাত্ৰ-ছাত্ৰী

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 11:03 AM IST

thumbnail

বিলাসীপাৰা, 24 নৱেম্বৰ : বিলাসীপাৰা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ এক ব্যতিক্ৰমী প্ৰয়াস । শ্ৰেণীকোঠা এৰি হাতে হাতে কাঁচিলৈ আঘোণৰ পথাৰত নামিল ছাত্ৰ-ছাত্ৰীসকল সোণগুটি চপাবলৈ । চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন ।

এই দৃশ্য বিলাসীপাৰাৰ উদমাৰী গাঁৱৰ । গাঁৱখনৰ আঘোণৰ পথাৰত এদল ছাত্ৰ-ছাত্ৰীয়ে এইদৰে হাতে হাতে কাঁচিলৈ সোণগুটি চপাবলৈ লৈছে । পথাৰখনতে খাইছে জা-জলপান। খাইছে ৰৱাব টেঙা । পাঠ কৰিছে স্ব-ৰচিত কবিতা । বিহু গীতৰ তালে তালে এপাক কঁকাল ঘুৰাইয়ো নাচিছে ।

এইসকল ছাত্ৰ-ছাত্ৰী বিলাসীপাৰা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ-ছাত্ৰী । যিটো সময়ত নৱ প্ৰজন্মই মোবাইলৰ প্ৰতি আসক্ত হৈ সময় অতিবাহিত কৰিছে, তেনে সময়তে বিভাগটোৰ অধ্যাপক-অধ্যাপিকাই অসমীয়া চহা জীৱনৰ প্ৰতি আকৰ্ষিত কৰাবলৈ ছাত্ৰ-ছাত্ৰীসকলক এইদৰে আঘোণৰ পথাৰলৈ লৈ যায়, য’ত ছাত্ৰ-ছাত্ৰীসকলে ৬ বিঘাকৈ পথাৰৰ সোণগুটি চপাই খেতিয়কক সকাহ দিবলৈ প্ৰয়াস কৰে । ছাত্ৰ-ছাত্ৰীসকলৰ এনে ব্যতিক্ৰমী প্ৰয়াসক খেতিয়কৰ লগতে সৰ্বসাধাৰণ ৰাইজে ভূয়সী প্ৰশংসা কৰে ।

লগতে পঢ়ক : MV Kindat Pandaw in Dhubri : দেশী-বিদেশী পৰ্যটক লৈ বাংলাদেশ হৈ ধুবুৰীত উপস্থিত আৰ ভি কিন্দত পাণ্ডাও

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.