ETV Bharat / state

MV Kindat Pandaw in Dhubri : দেশী-বিদেশী পৰ্যটক লৈ বাংলাদেশ হৈ ধুবুৰীত উপস্থিত আৰ ভি কিন্দত পাণ্ডাও

author img

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 4:48 PM IST

ক্ৰমাৎ পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ঐতিহাসিক ধুবুৰী। এটাৰ পিছত আনটো পৰ্যটকৰ দল আহিছে ধুবুৰীত। এইবাৰ পৰ্যটকসহ আৰ ভি কিন্দত পাণ্ডাও নামৰ বিলাসী জাহাজখন উপস্থিত হ’ল ধুবুৰীত ৷

MV Kindat Pandaw River Cruise Arrives in Dhubri
ধুবুৰীত আৰ ভি কিন্দত পাণ্ডাও
পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ঐতিহাসিক ধুবুৰী

ধুবুৰী/তেজপুৰ, 11 নৱেম্বৰ : গংগাবিলাস, চৰাইদেউ-2 ৰ পিছত এইবাৰ পৰ্যটকসহ আৰ ভি কিন্দত পাণ্ডাও নামৰ বিলাসী জাহাজখন উপস্থিত হ’ল ধুবুৰীত ৷ 31 গৰাকীকৈ দেশী-বিদেশী পৰ্যটক লৈ ধুবুৰীত উপস্থিত হয় বিলাসী জাহাজখন ৷ 31 অক্টোবৰত কলিকতাৰ পৰা যাত্ৰা আৰম্ভ কৰা বিলাসী জাহাজখনত আছে দেশ-বিদেশৰ 31 গৰাকীকৈ পৰ্যটক ৷ কলিকাতাৰ পৰা বাংলাদেশ হৈ শুকুৰবাৰে জাহাজখনে প্ৰৱেশ কৰে ধুবুৰীত ৷

ধুবুৰী বন্দৰত উপস্থিত হোৱাৰ পিছত আন্তঃদেশীয় পাৰপত্ৰ পৰীক্ষা কৰা হয় পৰ্যটক সকলৰ ৷ ইয়াৰ পিছতেই পৰ্যটক সকলে ধুবুৰীৰ ঐতিহাসিক গুৰুদ্বাৰ, নেতাই ধুবুনী ঘাট, পাঁচ পীৰ দৰগাহ আৰু ৰাণী ভিক্টোৰিয়া পাৰ্কৰ লগতে কেইবাটাও ঐতিহাসিক সমল আৰু স্থান ভ্ৰমণ কৰে ৷ ধুবুৰী জাহাজ বন্দৰত পৰ্যটক সকলক অসমীয়াৰ স্বভিমান ফুলাম গামোচাৰে আদৰণি জনোৱা হয় ৷

জাহাজখনত আমেৰিকাৰ 4 গৰাকী পৰ্যটক, 9 গৰাকী বৃটিছ পৰ্যটক, কানাডাৰ 4 গৰাকী, ছুইজাৰলেণ্ডৰ 2 গৰাকী আৰু 12 গৰাকী অষ্ট্ৰেলিয়ান পৰ্যটক আছে ৷ তদুপৰি এই পৰ্যটক সকলৰ লগতে আন 21 গৰাকী ভাৰতীয় পৰ্যটকো আছে ৷ দেশী-বিদেশী পৰ্যটক সকলে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুয়েদি যাত্ৰা কৰি একপ্ৰকাৰ অভিভূত হৈ পৰা বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

উল্লেখ্য যে, ধুবুৰীৰ পৰা জাহাজখন ব্ৰহ্মপুত্ৰৰ বুকুত বৰ্তমান চলাচল কৰিব পৰা নাই বুলি জানিব পৰা গৈছে ৷ কাৰণ ব্ৰহ্মপুত্ৰৰ বক্ষ বৰ্তমান বেছি পলসুৱা হোৱাৰ বাবে জাহাজখন চলাচল কৰাত কিছু ব্যাঘাত জন্মিছে বুলিও জানিবলৈ দিয়ে অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিৰ যোগাযোগ আৰু সংবাদ মাধ্যম বিশেষজ্ঞ সন্দীপ বৰুৱাই ৷

কলিকাতাৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাই যোৱা 3 নৱেম্বৰত বাংলাদেশৰ ঢাকাত উপস্থিত হয় ৷ ধুবুৰীৰ সমীপৰ জিৰ’ পইণ্টত বাংলাদেশৰ পৰা আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰাৰ পিছত ইতিমধ্যে জাহাজখনে 18 দিনত 1,310 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে ৷ 2023 চনৰ 12 বা 13 নৱেম্বৰৰ ভিতৰত এমভি কিন্দত পাণ্ডাওৱে পাণ্ডু বন্দৰত উপস্থিত হোৱাৰ পাছত এই যাত্ৰা সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : Drive against fire crackers:সোণাৰিত নিশা ফটকাৰ বিৰুদ্ধে অভিযান চৰাইদেউ জিলা প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.