Crime in Guwahati: এইবাৰ থপিয়াই নিলে খাদ্যৰ টোপোলা

By

Published : Dec 25, 2022, 3:55 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

মহানগৰীত পুনৰ সংঘটিত হৈছে ডকাইতি কাণ্ড (Robbery in Guwahati) । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সমীপত সংঘটিত হৈছে এই ডকাইতি কাণ্ড । ঘটনাৰ বিৱৰণী অনুসৰি শনিবাৰে নিশা প্ৰায় দহ মান বজাত হেঙেৰাবাৰী নৱ-নগৰ নিবাসী দুৰ্গেশ্বৰ বৰ্মন নামৰ লোকজন ঘৰ অভিমুখে গৈ আছিল ৷ গৈ থকা অৱস্থাতে বাইকেৰে অহা এজন দুৰ্বৃত্তই কাঢ়ি লৈ যায় লোকজনৰ হাতত থকা খাদ্য সামগ্ৰীৰ বেগটো (Miscreants snatch bags)। ঘটনা সন্দৰ্ভত ইতিমধ্যেই ভুক্তভোগীয়ে দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ । উল্লেখ্য যে মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে অপৰাধজনীত ঘটনা । সঘনাই সংঘটিত হোৱা চুৰি, ডকাইতি, হত্যাৰ দৰে অপৰাধজনীত ঘটনাই প্ৰমাণিত কৰিছে মহানগৰ আৰক্ষী চূড়ান্ত ব্যৰ্থতা ৷

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.