Durga Puja 2023: বিজয়া দশমীত নগাঁৱত সেন্দুৰৰ খেল

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 1:23 PM IST

thumbnail

নগাঁও,২৪ অক্টোবৰ: আজি বিজয় দশমী । ষষ্ঠীৰ বেদীত দেৱীক প্ৰতিষ্ঠা কৰি সপ্তমী, অষ্টমী আৰু নৱমী বিহিত পূজা সম্পন্ন কৰি দেৱীক বিদায় দিবলৈ সাজু হৈছে ৰাজ্যবাসী । বিদায় বেলাত খেলিছে সেন্দুৰৰ খেল । দেৱীক বিদায় দিয়াৰ মূহুৰ্ত্বত আবেগিক হৈ পৰিছে সকলো । বিজয়া দশমী উপলক্ষে নগাঁৱৰ বাঙালী সন্মিলনী পূজা সমিতিৰ পূজা মণ্ডপত পুৱাই আৰম্ভ হৈছে পৰম্পৰাগত সেন্দুৰৰ খেল ।  

দেৱীক বিদায়ৰ পূৰ্বে এক আবেগিক পৰিবেশ বিৰাজ কৰিছে পূজা মণ্ডপত । একেই পৰিৱেশ নগাঁও বাঙালী সন্মিলনী পূজা সমিতিৰ পূজা মণ্ডপতো । বাঙালী সন্মিলনী পূজা সমিতিৰ পূজা মণ্ডপত প্ৰত্যেক বছৰৰ দৰে এইবছৰো অনুষ্ঠিত হৈছে সেন্দুৰৰ খেল। সেন্দুৰ খেলত ভাগ লৈ আৱেগিক হৈ পৰিছে মহিলাসকল । আৰু কিছু সময়ৰ পাছতে বিসৰ্জন দিয়া হ'ব দেৱীৰ প্ৰতিমা ।  

লগতে পঢ়ক: Nagaon Durga Puja: চন্দ্ৰযান-3 আৰ্হিৰ মণ্ডপত প্ৰতিমাৰ দেহত জিলিকিল অসমীয়া গহনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.