Guinness Book of World Records: বিশ্ব অভিলেখৰ সাক্ষী হ'বলৈ সাজু ডিব্ৰুগড়ৰ বিহুৱা-নাচনী

By

Published : Apr 9, 2023, 9:43 AM IST

thumbnail

ডিব্ৰুগড়, 9 এপ্ৰিল: হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটিমান দিন (Rangali bihu 2023)  । এইবাৰ ৰাজ্য চৰকাৰৰ নেতৃত্বত গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অসমৰ বিহু নাচক স্থান দিয়াৰ বাবে ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত দহ হাজাৰৰো অধিক বিহুৱা-বিহুৱতীয়ে একক স্থানত প্ৰদৰ্শন কৰিব বিহু নৃত্য । এই ঐতিহাসিক বিহু প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিবৰ বাবে অসমৰ বিভিন্ন প্ৰান্তত নাচনী-ঢুলীয়াৰ প্ৰশিক্ষণ দিছিল ৰাজ্যৰ সাংস্কৃতিক বিভাগে । ৰাজ্যৰ প্ৰতিখন জিলাত এতিয়া প্ৰায় সম্পূৰ্ণ উঠিছে প্ৰস্ততি (Guinness Book of World Records through Bihu) ৷  

অসমৰ স্বাভিমান বিহুৰ বিশ্বমুখী যাত্ৰাৰ সাক্ষী হ'বলৈ সাজু ডিব্ৰুগড় জিলাও ৷ এই বৃহৎ কাৰ্যসূচীত ডিব্ৰুগড় জিলাৰ পৰা ১৪০০ নাচনীয়ে অংশগ্ৰহণ কৰিব (Bihu practice in Assam)৷ বিশ্ব অভিলেখ গঢ়াৰ উদ্দেশ্যে ডিব্ৰুগড়ৰ জালান আউটডোৰ ষ্টেডিয়ামত শনিবাৰে একেলগে নাচিলে ১৪০০গৰাকী নাচনীয়ে । এই কাৰ্যসূচীত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰামেশ্বৰ তেলীৰ লগতে অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাসৰ লগতে কেইবাগৰাকীও নেতা উপস্থিত থাকে । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰে লোৱা এই পদক্ষেপক শলাগ লয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । দেশৰ প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব লগা এই অনুষ্ঠান সকলোৱে মিলি সফল কৰি তুলিবলৈ আহ্বান জনাই সৰ্বানন্দ সোণোৱালে(Bihu practice in Dibrugarh) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.