Road accident: শোকাবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে শিক্ষকে

By

Published : Feb 10, 2023, 4:37 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

ৰঙিয়া,১০ ফেব্ৰুৱাৰী: ৰঙিয়াত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা (tragic road accident at rangia) । এই পথ দুৰ্ঘটনাত থিতাতে নিহত হয় চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ এগৰাকী ব্যক্তি (Bhutan citizen killed in road accident at rangia) । উল্লেখ্য, এই ব্যক্তিগৰাকীয়ে ৰঙিয়াৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত শিক্ষকতাত নিয়োজিত আছিল । উল্লেখ্য যে কামৰূপ-নলবাৰী সীমান্তৰ ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভাতকুছিত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো (road accident at 27 no NH rangia) । 

ৰঙিয়া অভিমুখে আহি থকা ৰয়েল এনফিল্ড বাইক আৰোহীজনক ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন অচিনাক্ত বাহনে মহতিয়াই নিয়ে । যাৰ ফলত থিতাতে নিহত হয় বাইক আৰোহীজন (teacher killed at rangia in road accident) । জানিব পৰা মতে, নিহত বাইক আৰোহীজন হৈছে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ নাগৰিক তথা ফাটেমা কণ্টভেণ্ট স্কুলৰ সহকাৰী শিক্ষক চনাম দৰ্জী (৩৫) । বৃহস্পতিবাৰে নিশা ঘগ্ৰাপাৰৰ নিজৰ ভাতৃৰ ৰেষ্টুৰেণ্টৰ পৰা ৰঙিয়া অভিমুখে আহি থকা অৱস্থাত দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি লয় চনাম দৰ্জীয়ে । 

আনহাতে, চনাম দৰ্জীৰ পৰিয়ালে জানিবলৈ দিয়া মতে, কামৰূপ-নলবাৰী সীমান্তৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নোনা নৈৰ ওচৰত পছৰ ওপৰত পৰি আছিল শিক্ষকজনৰ মৃতদেহ ৷ কোনো অচিনাক্ত বাহনে দুৰ্ঘটনাটো সংঘটিত কৰিয়ে পলায়ন কৰাৰ সন্দেহ কৰিছে পৰিয়াল লোকসকলে । উল্লেখ্য, চনাম দৰ্জীয়ে মাত্ৰ কেইদিনমান পূৰ্বে ক্ৰয় কৰিছিল দুৰ্ঘটনাত পতিত হোৱা ৰয়েল এনফিল্ড বাইকখন । ইফালে দুৰ্ঘটনাৰ খবৰ লাভ কৰি নিশাতেই ঘটনাস্থলীত উপস্থিত হয় ৰঙিয়া থানাৰ আৰক্ষী । 

আৰক্ষীয়ে মৃতদেহটো ৰঙিয়া থানালৈ লৈ আনে ৷ ইফালে অকালতে এগৰাকী সহকাৰী শিক্ষকে দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱাৰ খবৰ বিয়পি পৰাৰ পিছতে এক শোকাকুল পৰিবেশে বিৰাজ কৰে ফাটেমা কণ্টভেণ্ট স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত । প্ৰাপ্ত খবৰ অনুসৰি, আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ সন্ধানত অনুসন্ধান আৰম্ভ কৰিছে ।

লগতে পঢ়ক: Teacher not available: এজনীয়া শিক্ষকৰ দ্বাৰা চলিছে অসমৰ ৩,৩৬১ খন বিদ্যালয়

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.