ডিব্ৰুগড়ৰ বৈঠকতে বিৰোধী ঐক্য মঞ্চৰ ঘোষণা-পত্ৰ চূড়ান্ত হ'ব : ভূপেন বৰা

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 2:58 PM IST

thumbnail

ডিব্ৰুগড়, 30 নৱেম্বৰ : 1 ডিচেম্বৰত উজনিৰ তিনিচুকীয়াত ৰাজ্য চৰকাৰে কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ বাবে বিজেপিৰ কেইবাজনো মন্ত্ৰীয়ে উজনিত বাহৰ পতা সময়তে ডিব্ৰুগড়ত বিৰোধী ঐক্যৰ ৰুদ্ধদ্বাৰ বৈঠক । লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আজি অৰ্থাৎ বৃহস্পতিবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত বিৰোধী ঐক্যৰ বৈঠকক লৈ ৰাজ্যৰ ৰাজনীতিৰ বতাহ স্বাভাৱিকতেই গৰম হৈ পৰিছে । অসম জাতীয় পৰিষদৰ আতিথ্যত অনুষ্ঠিত হৈছে এই বিৰোধী ঐক্যৰ ৰাজনৈতিক অভিৱৰ্তন ।

এই বৈঠকতে বিৰোধী ঐক্য মঞ্চই প্ৰকাশ কৰিবলগীয়া ঘোষণা-পত্ৰখন চূড়ান্ত কৰিব বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই জানিবলৈ দিছে । কি সমূহ বিষয় লৈ ৰাইজৰ ওচৰলৈ যাব বিৰোধী ঐক্য সেইসমূহ বিষয় আলোচনা কৰা হ'ব বুলি জানিবলৈ দিছে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

উল্লেখযোগ্য যে, গুৱাহাটীৰ পাচত দ্বিতীয়বাৰৰ বাবে আজি ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে বিৰোধী ঐক্য মঞ্চৰ বৈঠক । এই বৈঠকত প্ৰাৰ্থিত্বকেন্দ্ৰীক কথা-বাৰ্তাসমূহ আলোচনা নহয় বুলি জনাইছে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

লগতে পঢ়ক : ডিব্ৰুগড়ত ৰাজ্যৰ 15 বিৰোধী ঐক্যৰ গুৰুত্বপূৰ্ণ বৈঠক, লোকসভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.