ডিব্ৰুগড়ত ৰাজ্যৰ 15 বিৰোধী ঐক্যৰ গুৰুত্বপূৰ্ণ বৈঠক, লোকসভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 1:49 PM IST

thumbnail

ডিব্ৰুগড়, 30 নৱেম্বৰ : ৰাজ্যত বিজেপিক লোকসভা নিৰ্বাচনত পৰাজিত কৰাৰ লক্ষ্যৰে গঠন হোৱা বিৰোধী ঐক্যৰ এখন গুৰুত্বপূৰ্ণ বৈঠক বৃহস্পতিবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে ৷ ডিব্ৰুগড়ৰ এইছ এম ৰিজৰ্টত বিৰোধী ঐক্যৰ 15 টাকৈ ৰাজনৈতিক দলৰ নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত হৈছে এই বৈঠক ।

আগন্তুক লোকসভা নিৰ্বাচনক লৈ বৃহৎ ৰণনীতিৰ পৰিকল্পনাৰে দুদিনীয়াকৈ অৰ্থাৎ বৃহস্পতিবাৰ আৰু শনিবাৰে (30 নৱেম্বৰ আৰু 1 ডিচেম্বৰ) অনুষ্ঠিত কৰা হৈছে এই গুৰুত্বপূৰ্ণ বৈঠকখন। লোকসভা নিৰ্বাচনত বিৰোধী ঐক্যৰ আসন ভাগ বটোৱাৰাৰ লগতে বিজেপিৰ বিৰুদ্ধে কেনে ধৰণৰ ৰণনীতি ল'ব তেনে বিষয় সন্দৰ্ভত এই বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে ।

এই সভাত ইতিমধ্যে কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ বিধায়ক আব্দুল খালেক, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈকে ধৰি প্ৰায় সমূহ দলৰে নেতৃত্ব উপস্থিত হৈছে । বৃহস্পতিবাৰৰ এই গুৰুত্বপূৰ্ণ বৈঠকৰ পাচতে শুকুৰবাৰে ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব বিৰোধীৰ 15 টা দলৰ নেতৃত্বত বিশাল এক জনসভা ।

উল্লেখ্য যে বিৰোধী এই 15 টা দল হৈছে - ভাৰতীয় জাতীয় কংগ্ৰেছ (INC), অসম জাতীয় পৰিষদ (AJP), ৰাইজৰ দল (RD), জাতীয় দল, অসম (JD-A), আম আদমী পাৰ্টী (AAP), তৃণমূল কংগ্ৰেছ (TMC), ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টী (VCP), কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া (CPI), কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া (মাৰ্ক্সবাদী) (CPT-M), কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া (মাৰ্ক্সবাদী লেনিনবাদী (COP-ML), ৰাষ্ট্ৰীয় জনতা দল (RJD), জনতা দল (ইউনাইটেড) (JD-U) , অল ইণ্ডিয়া ফাৱাৰ্ড ব্লক (AIFB), অৱ পাৰ্টী হিল লীডাৰ্ছ কনফাৰেন্স (APHLC) আৰু শিৱসেনা (উদ্ধৱ চাহেব ঠাকৰে) (SSU- UTB) ৷

লগতে পঢ়ক : শেহতীয়া প্ৰযুক্তি আৰু নিষিদ্ধ ৰেট হোল খনন; উত্তৰকাশী উদ্ধাৰ অভিযানত বিশেষজ্ঞৰ মতামত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.