ভাৰতক উন্নত বিকশিত ৰাষ্ট্ৰ হিচাবে গঢ়ি তোলাৰ কাৰণে ৰাইজক সংকল্পবদ্ধ কৰোৱা হৈছে : ৰণোজ পেগু

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 12:59 PM IST

thumbnail

ধেমাজি, 14 ডিচেম্বৰ : ‘‘2024 বৰ্ষৰ 26 জানুৱাৰীলৈকে চলিব লগা সংকল্প যাত্ৰা ৷ ইয়াৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে তৃণমূল পৰ্যায়ত যিসমূহ চৰকাৰী আঁচনি আছে, সেইসমূহ সংপৃক্তকৰণৰ ফালে লৈ যোৱা, সি লাগে প্ৰধানমন্ত্ৰী আৱাস যোজনাই হওঁক বা জল জীৱন মিচন আঁচনিয়ে হওঁক নাইবা সৌভাগ্য যোজনাই হওঁক ৷ এই সংকল্প যাত্ৰাৰ জৰিয়তে জিলাখনৰ চুকে-কোণে সকলোৰে মাজত সজাগতা আনি উৎসাহিত কৰিবলৈ প্ৰয়াস কৰা হৈছে ৷’’ এই মন্তব্য শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ৷

উল্লেখ্য যে, সমগ্ৰ ৰাজ্যৰ লগতে বুধবাৰে ধেমাজি গোহাঁই গাঁৱত আয়োজন কৰা হয় বিকশিত ভাৰত যাত্ৰা সংকল্প কাৰ্যসূচী। এই কাৰ্যসূচীত চৰকাৰী বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ৷ এই অনুষ্ঠানত উপস্থিত থাকি ৰাইজক উদ্দেশ্যি কেতবোৰ মন্তব্য আগবঢ়ায় মন্ত্ৰী পেগুৱে ৷ 

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী পেগুৱে কয়, ‘‘2047 চনৰ 15 আগষ্টত যেতিয়া আমি স্বাধীনতাৰ শতবৰ্ষ উদযাপন কৰিম, তেতিয়া ভাৰতবৰ্ষক এখন উন্নত বিকশিত ৰাষ্ট্ৰ হিচাবে গঢ়ি তোলাৰ কাৰণে আমি ৰাইজক সংকল্পবদ্ধ কৰাইছো ৷ সকলোৱে সমানে কাম কৰিব লাগিব ৷ কেৱল প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে কাম কৰিলেই নহ’ব ৷ নাগৰিকৰো নিজস্ব দায়িত্ব আছে ৷ ’’

লগতে তেওঁ খেতিপথাৰত অত্যাধুনিক ড্ৰোণ প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ আৰু প্ৰদৰ্শন সম্পৰ্কেও কেতবোৰ মন্তব্য প্ৰদান কৰি ৰাইজক উৎসাহিত কৰে ৷

লগতে পঢ়ক : ধৰ্মপুৰত বিকশিত ভাৰত সংকল্প যাত্ৰাত উপস্থিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.