Bhaona performed: শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে মাজুলীত শিশুৰ দ্বাৰা মঞ্চস্থ কেলিগোপাল নাট

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 9:51 AM IST

thumbnail

মাজুলী, 25 ছেপ্টেম্বৰ : সত্ৰভূমি মাজুলীত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ 575 সংখ্যক জন্মোৎসৱ উদযাপন কৰা হয় । জিলাখনৰ 35 খনকৈ সত্ৰ আৰু প্ৰায় তিনি শতাধিক নামঘৰত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 575 সংখ্যক জন্মোৎসৱৰ আয়োজন কৰা হয় ।

সত্ৰ, নামঘৰৰ উপৰিও মাজুলীৰ বিভিন্ন ৰাজহুৱা স্থানতো আয়োজন কৰা হয় গুৰুজনাৰ জন্মোৎসৱ ভাগি । ব্যতিক্ৰম নহয় মাজুলীৰ মেখেলি গাঁও । মেখেলি গাঁও আঞ্চলিক যুৱ সংঘই আন বছৰৰ দৰে এইবাৰো দুদিনীয়কৈ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 575 সংখ্যক জন্মোৎসৱ ভাগি উদযাপন কৰে ।

জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে মাজুলীৰ মেখেলি গাঁৱৰ শিশু শিল্পীসকলৰ দ্বাৰা কেলিগোপাল অংকীয়া নাটখন মঞ্চস্থ কৰা হয় ৷ মেখেলী গাঁৱত আয়োজিত শিশুভাগি চাবলৈ বহু ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : 575th Birth anniversary of Sankardev: জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 575 সংখ্যক জন্মোৎসৱ উদযাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.