Shiva Puja in Shravan Month : শাওন মাহত শিৱ লিংগত কি অৰ্পণ কৰিলে লাভালাভ পোৱা যায় ?

By

Published : Jul 31, 2023, 2:23 PM IST

Updated : Aug 1, 2023, 11:11 AM IST

thumbnail

গুৱাহাটী, 31 জুলাই : আজি শাওন মাহৰ দ্বিতীয়টো সোমবাৰ । পুৱাৰ ভাগৰ পৰা দেখা গৈছে ৰাজ্যৰ প্ৰতিটো শিৱ মন্দিৰত অগণন ভক্তৰ ভিৰ । প্ৰতিজন ভক্তই নিজৰ নিজৰ মনোকামনাৰে আশীষ বিচাৰিছে মহাপ্ৰভু শিৱৰ ওচৰত । শিৱ মহা পুৰাণ অনুসৰি, শাওন মাহটো শিৱৰ জন্ম মাহ । সেয়েহে এই মাহত সোমবাৰে শিৱৰ মূৰত গাখীৰ আৰু পানীৰে অৱশেষ কৰিলে মনৰ কামনা পূৰণ হয় বুলি বিশ্বাস কৰা হয় । হিন্দু কেলেণ্ডাৰ অনুসৰি গুৰু পুৰ্ণিমাৰ পৰা ৰাশি পূৰ্ণিমালৈ শাওন মাহ আৰম্ভ হয় । সেয়ে এইবৰ্ষ শাওন মান দুমাহ পৰিছে ।  

জ্যোতিষ বিজ্ঞানৰ অনুসৰি শাওন মাহত শিৱ লিংগত কি কি ঢালিব পাৰি :-

শাওন মাহত মনোকামনা পূৰ্ণৰ বাবে জলাধিশেষ কৰা হয় । জ্যোতিষ বিজ্ঞানৰ মতে, শাওন মাহত শিৱ লিংগত পানী ঢলাৰ লগতেই গাখীৰ ঢালিব লাগে । গাখীৰ ঢালিলে মানুহৰ মনৰ বেয়া চিন্তা বা ভাৱবোৰ নোহোৱা হয় বুলি বিশ্বাস কৰা হয় । ইয়াৰোপৰি মনোকামনা পূৰণৰ বাবে দৈও ঢালিব পৰা যায় ।

যদি ঘৰত স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হৈ থাকে, ল’ৰা-ছোৱালীৰ মাজত কাজিয়া হৈ থাকে তেন্তে শাওণ মাহৰ সোমাবাৰে শিৱ লিংগ চেনী ঢালিব পাৰে ৷ চেনী ঢালিলে ঘৰৰ কাজিয়া-পেচাল নোহোৱা হয় । কাৰোবাৰ ঘৰত যদি ৰুগীয়া মানুহ আছে, তেন্তে সেই মানুহজনৰ নামত মানস কৰি শাওণৰ সোমবাৰে শিৱ লিংগত তিল দিব পাৰে । পাৰিলে শাওণৰ মাহৰ পৰা আৰম্ভ কৰি 9 টা সোমবাৰ সেই মানুহজনৰ সুস্থৰ কামনাৰে ব্ৰত কৰিলে লাভালাভ হয় ।

লগতে পঢ়ক : Shravan Sombar: শাওণৰ দ্বিতীয়টো সোমবাৰে ঐতিহাসিক মহাভৈৰৱ মন্দিৰত ভক্তৰ সোঁত

Last Updated : Aug 1, 2023, 11:11 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.