Cattle smuggling: গো-সুৰক্ষা আইনেও ৰোধ কৰিব পৰা নাই গৰুৰ চোৰাং সৰবৰাহ

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 2:26 PM IST

thumbnail

গুৱাহাটী, 17 অক্টোবৰ: গো-সুৰক্ষা আইন বলৱৎ হোৱাৰ পিচতো ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ । নিশাৰ আন্ধাৰত নহয়, দিন দুপৰতে ৰাষ্ট্ৰীয় ঘাইপথেৰে সৰবৰাহকাৰীয়ে পাৰ কৰিবলৈ যত্ন কৰিছে অবৈধভাৱে কঢ়িওৱা গৰু ভৰ্তি ট্ৰাক । জানিব পৰা মতে, মঙলবাৰে পুৱাৰ ভাগত মহানগৰীৰ মাজেৰে পাৰ হ’বলৈ লওঁতে বশিষ্ঠ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি জব্দ কৰে গৰু ভৰ্তি এখন ট্ৰাক । 

লগতে ট্ৰাকখনৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় 30 টাকৈ অবৈধভাৱে কঢ়িওৱা গৰু । AS 01 KC 1728 নম্বৰৰ ট্ৰাকখনেৰে সৰবৰাহ কৰা হৈছিল চোৰাং গৰুবোৰ । প্ৰাথমিক তথ্য অনুসৰি, মঙ্গলদৈৰ পৰা মেঘালয়লৈ লৈ গৈ থকাৰ সময়তে বশিষ্ঠত আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন । 

উল্লেখ্য যে জনৈক পিংকু আৰু জয়ন্তৰ নিৰ্দেশনাত দিন দুপৰতে কঢ়িওৱা হৈছিল গৰু ভৰ্তি ট্ৰাকখন। ইতিমধ্যে বশিষ্ঠ আৰক্ষীয়ে আটক কৰিছে ট্ৰাকখনৰ দুই কৰ্মচাৰীক ।

লগতে পঢ়ক: Crime in Dergaon: গৰু নিয়া গাড়ী আগচি ধৰি ধন দাবী কৰা আমছু খিলঞ্জীয়াৰ নেতাসহ গ্ৰেপ্তাৰ চাৰি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.