উৎকোচ লৈ গ্ৰেপ্তাৰ অভিযন্তা সঞ্জীৱ কুমাৰ দাস, বাসগৃহৰ পৰা জব্দ নগদ ১২ লক্ষ

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 2:20 PM IST

thumbnail

বৰপেটা, ১৭ ডিচেম্বৰ : এতিয়াও গাত কথা লগা নাই ৰাজ্যৰ একাংশ লুভীয়া চৰকাৰী বিষয়াৰ ৷ উৎকোচ লৈ পুনৰ হাত দাঙিলে এজন চৰকাৰী অভিযন্তাই ৷ নাম সঞ্জীৱ কুমাৰ দাস ৷ তথ্য অনুসৰি, বৰপেটাত উৎকোচ লৈ হাত দঙা কাৰ্যবাহী অভিযন্তা সঞ্জীৱ কুমাৰ দাসৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমাণৰ নগদ ধন ৷ দুৰ্নীতি নিবাৰক শাখাৰ দলে সঞ্জীৱ কুমাৰ দাসৰ বাসগৃহৰ পৰা জব্দ কৰে নগদ ১২ লক্ষ টকা ৷

জানিব পৰা মতে, এজন ঠিকাদাৰক ঠিকাৰ আমানতৰ ধন মোকলাই দিয়াৰ বাবদ দাবী কৰিছিল অভিযন্তা ধন সঞ্জীৱ কুমাৰ দাসে ৷ শনিবাৰে ঠিকাদাৰজনৰ পৰা উৎকোচৰ ধন লোৱাৰ সময়তে সৰভোগ-জনিয়া জলসিঞ্চন সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা সঞ্জীৱ কুমাৰ দাসক দুৰ্নীতি নিবাৰক শাখাৰ দলে বৰপেটাৰ পৰা হাতে-লোটে গ্ৰেপ্তাৰ কৰে ৷

তাৰ পাচতে শনিবাৰে নিশাৰ ভাগত কাৰ্যবাহী অভিযন্তাগৰাকীৰ বাসগৃহত দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে তালাচী চলায় ৷ ধৃত কাৰ্যবাহী অভিযন্তা দাসৰ বৰপেটাৰ বাৰাদী গাঁৱৰ বাসগৃহত তালাচী চলাই নগদ ১২ লাখ টকা জব্দ কৰে দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে ৷

এই টকাখিনি ২৪ টা খামৰ ভিতৰত সুমুৱাই ৰখা অৱস্থাত উদ্ধাৰ কৰা হয় ৷ দুৰ্নীতি নিবাৰক শাখাই ইতিমধ্যে ঘটনাৰ সম্পূৰ্ণ তদন্ত আৰম্ভ কৰিছে ৷ এই অভিযানৰ সময়ত বৰপেটা আৰক্ষীয়েও সহযোগিতা আগবঢ়াইছে দুৰ্নীতি নিবাৰক শাখাৰ দলটোক ৷

লগতে পঢ়ক : পঞ্চভূতত বিলীন হ’ল জনপ্ৰিয় অভিনেতা জয়ন্ত দাসৰ নশ্বৰদেহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.