যুৱ মৰ্চাৰ উদ্যোগত বৰপেটাত চৰকাৰী চাকৰি প্ৰত্যাশী প্ৰাৰ্থীসকলক বিনামূলীয়া প্ৰশিক্ষণ
Published: Nov 19, 2023, 3:40 PM
বৰপেটা, ১৯ নৱেম্বৰ : বৰপেটা জিলা বিজেপি যুৱ মৰ্চাৰ ব্যতিক্ৰমী পদক্ষেপ । চৰকাৰী চাকৰি প্ৰত্যাশী প্ৰাৰ্থীসকলক যুৱ মৰ্চাৰ উদ্যোগত প্ৰদান কৰা হ'ব সম্পূৰ্ণ বিনামূলীয়াকৈ এমহীয়া প্ৰশিক্ষণ । ৰাজ্য চৰকাৰে পুনৰবাৰ মুকলি কৰিছে তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰিৰ বিজ্ঞাপন ।
ইয়াৰ লগে লগে সমগ্ৰ ৰাজ্যৰ ভিতৰতে প্ৰথমে বৰপেটা জিলা বিজেপি যুৱ মৰ্চাই গ্ৰহণ কৰিছে এই ব্যতিক্ৰমী পদক্ষেপ । উক্ত বিনামূলীয়া পাঠদান প্ৰশিক্ষণ কাৰ্যসূচীত শিক্ষাগ্ৰহণ কৰিবলৈ ইতিমধ্যে দুই শতাধিক চাকৰি প্ৰত্যাশী প্ৰাৰ্থীয়ে অনলাইনযোগে আবেদন কৰিছে ।
দেওবাৰে বৰপেটা চহৰৰ তৰুণ ৰাম ফুকন প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই বিনামূলীয়া পাঠদান প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠান । শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱা, বৰপেটা জিলা বিজেপিৰ নেতৃবৃন্দ ক্ৰমে সভাপতি অনিল কুমাৰ দাস, সাধাৰণ সম্পাদক হেমন্ত কুমাৰ দেউৰী, বৰপেটা জিলা যুৱ মৰ্চাৰ প্ৰভাৰী তথা ৰাজ্যিক বিজেপি যুৱ মৰ্চাৰ সম্পাদক নিহাল কাশ্যপ সমন্বিতে বৰপেটা জিলা বিজেপি যুৱ মৰ্চাৰ সভাপতি দুলাল দাস ।
লগতে পঢ়ক : ক’লা বজাৰত হাউলী ৰাসৰ লটাৰী টিকট, ৰঙাঘৰৰ বাট প্ৰশস্ত আঠজনৰ