Barnil Akash wins gold medal: আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল শিৱসাগৰৰ বৰ্ণিল

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 2:58 PM IST

thumbnail

শিৱসাগৰ,২৪ অক্টোবৰ: শিৱসাগৰৰ বৰ্ণিল আকাশ চাংমাইৰ বৃহৎ সফলতা । চীনত অনুষ্ঠিত হোৱা বেডমিণ্টন এচিয়াৰ ১৫ বছৰ আৰু ১৭ বছৰ অনুৰ্ধ প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি ১৫ বছৰ অনুৰ্ধ শাখাত স্বৰ্ণপদক জয় কৰিবলৈ সক্ষম হয় । ১৭ অক্টোবৰৰ পৰা চীনৰ চাংডুত অনুষ্ঠিত বেডমিণ্টন এচিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বৰ্ণিলে এই বিৰাট সফলতা লাভ কৰে । চূড়ান্ত খেলত বৰ্ণিলে চীনৰ ফেন হং ঝোৱানক ২১-১৯ আৰু ২১-১৩ পোনপটীয়া খেলত পৰাজিত কৰি স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় ।  

উল্লেখযোগ্য যে শিৱসাগৰৰ সংস্কৃতি বেডমিণ্টন একাডেমীত প্ৰশিক্ষক কবিৰ বৰাৰ তত্বাৱধানত প্ৰশিক্ষণ লাভ কৰা বৰ্ণিলে ইতিমধ্যে বহু কেইটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰি থৈছে । শিৱসাগৰ নগৰৰ কৃষ্ণ নগৰৰ নিৱাসী ভূপেন চাংমাই আৰু জ্যোতি ফুকনৰ সন্তান বৰ্ণিলৰ এই সফলতাত শিৱসাগৰ আনন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে । আজি শিৱসাগৰত উপস্থিত হোৱা বৰ্ণিলক ৰাইজে বিপুল আদৰণি জনায় ।  

লগতে পঢ়ক: Fake journalist in Lakhimpur: আনন্দ মিশ্ৰৰ নাম লৈ ধন সংগ্ৰহত নমা ফেচবুক সাংবাদিকক খেদি-খেদি ধৰিলে আৰক্ষীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.