Axom Gunotsav 2023 : ধেমাজি জিলাত আৰম্ভ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ

By

Published : Feb 3, 2023, 3:15 PM IST

Updated : Feb 3, 2023, 8:40 PM IST

thumbnail

ধেমাজি , 3 ফেব্ৰুৱাৰী :  ৰাজ্যত আকৌ আৰম্ভ হৈছে গুণোৎসৱ (Axom Gunotsav 2023) ৷ শৈক্ষিক ফলাফল বৃদ্ধিৰ লক্ষ্যৰে গুণগত প্ৰাথমিক শিক্ষা সুনিশ্চিত কৰাৰ কাৰণে অসম চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা এক পদক্ষেপ হ’ল গুণোৎসৱ ৷ ৰাজ্যৰ জিলাই জিলাই ব্যাপক প্ৰস্তুতিৰে 18 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে 2023 বৰ্ষৰ গুণোৎসৱ  (2023 Gunotsav started on 18 January) 

সমগ্ৰ ৰাজ্যৰ লগতে গুণোৎসৱ আৰম্ভ হৈছে ধেমাজি জিলাতো (Axom Gunotsav 2023 in Dhemaji) ৷ ধেমাজি জিলা শিক্ষা খণ্ডৰ অন্তৰ্গত মুঠ ১,৪৩১খন বিদ্যালয়ত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ ৷ গুণোৎসৱৰ প্ৰথম দিনটোতেই মূল্যায়ন কৰা হয় ৪৭৮ খন বিদ্যালয়ৰ ৷ ধেমাজি জিলা শিক্ষা খণ্ডৰ অন্তৰ্গত মুঠ ১,৪৩১ খন বিদ্যালয়ত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ (Assam Gunotsav 2023)  ৷

সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজি জিলাতো আৰম্ভ হোৱা এই গুণোৎসৱৰ ইতিমধ্যে তিনিগৰাকী মূল্যায়নকাৰী বিষয়াই বিদ্যালয়সমূহলৈ আহি মূল্যায়নৰ কাম আৰম্ভ কৰিছে ৷ বাহ্যিক মূল্যায়ক জ্ঞানদ্বীপ দাসে মূল্যায়নৰ বাবে ধেমাজি ১নং বিষ্ণুপুৰ প্ৰাথমিক বিদ্যালয়ত উপস্থিত হয় ৷ সামগ্ৰিকভাবে বিদ্যালয়খনৰ বিভিন্ন দিশ সামৰি মূল্যায়ন কৰে বিষয়াগৰাকীয়ে ৷ উল্লেখ্য যে, বিগত বৰ্ষত ধেমাজি জিলা শিক্ষা খণ্ডৰ ১৪৪ খন বিদ্যালয়ে A+ পাই অসমৰ তালিকাত ১৪ নম্বৰ স্থানত আছিল ৷ সেয়ে এইবাৰ তিনিশতকৈ অধিক বিদ্যালয়ে A+ পোৱাৰ আশা প্ৰকাশ কৰিছে ধেমাজি জিলা প্ৰাথমিক শিক্ষা বিষয়া কবিতা ডেকাই । ইপিনে মূল্যায়নকাৰী বিষয়া গৰাকীয়ে গুণোৎসৱে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়লৈ আশাৰ বতৰা কঢ়িয়াছে বুলি মন্তব্য প্ৰকাশ কৰে ৷

18 জানুৱাৰীৰ পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা গুণোৎসৱ 18 ফেব্ৰুৱাৰী পৰ্যন্ত চলিব বুলি এক সংবাদমেলযোগে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰে (Minister Ranoj Pegu) ৷ 18 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈ প্ৰথম পৰ্যায়ৰ , 1 ফেব্ৰুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ দ্বিতীয় পৰ্যায়ৰ আৰু 15 ফেব্ৰুৱাৰীৰ পৰা 18 ফেব্ৰুৱাৰী পৰ্যন্ত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ গুণোৎসৱ ৷ 

উল্লেখ্য যে, ৰাজ্যৰ 44525 খন বিদ্যালয়ৰ 42,76,881 গৰাকী শিক্ষাৰ্থীৰ মাজত হ'ব গুণোৎসৱ । এইবাৰৰ গুণোৎসৱত শিক্ষকে নিজৰ বিদ্যালয়ৰ বিপৰীতে সমীপৰ আন বিদ্যালয়লৈ গৈ মূল্যায়ন কৰিব লাগিব । ইয়াৰ বাবে অনলাইন পৰ্টেলো মুকলি কৰা হৈছে বুলি শিক্ষামন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে  ৷

লগতে পঢ়ক : Anti-child marriage operation in Assam: বাল্য বিবাহ বিৰোধী অভিযানত বেআইনী স্বামীকে ধৰি গ্ৰেপ্তাৰ 750 তকৈ অধিক ব্যক্তি

Last Updated : Feb 3, 2023, 8:40 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.