World Diabetes Day 2022 : বিশ্ব মধুমেহ দিৱস উপলক্ষে গুৱাহাটীত সজাগতামূলক অনুষ্ঠান

By

Published : Nov 14, 2022, 9:33 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

বিশ্ব মধুমেহ দিৱসৰ(World Diabetes Day 2022) লগত সংগতি ৰাখি সোমবাৰে মহানগৰী বামুনীমৈদামস্থিত পিৰামল ফাউণ্ডেশ্যন (Piramal Foundation) 104 ৰ ৰাজ্যিক কাৰ্যালয়ত এক বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হয় । অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি অনুৰাধাৰ পৰা চানমাৰীলৈ এক সমূহীয়া খোজ কাঢ়ি মধুমেহ ৰোগ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰা হয় । ইয়াৰ পিছতে 104 ৰ ৰাজ্যিক কাৰ্যালয়ত এক মুকলি সভা অনুষ্ঠিত কৰা হয় (Diabetes Day in Guwahati)। মধুমেহ ৰোগৰ সন্দৰ্ভত সজাগতামূলক অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে 2022 বৰ্ষৰ কমনৱেলথ গেমছত সোণৰ পদক বিজয়ী নয়নমণি শইকীয়াই (Lawn bowler Nayanmoni Saikia) , বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে নেমকেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱাই (Dr Hitesh Baruah) আৰু আমন্ত্ৰিত অতিথি হিচাবে অংশগ্ৰহণ কৰে সাঁতোৰবিদ স্বাহানা বেগমে (Swimmer Shahana Begum)।

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.