AASA Awareness meeting: জনজাতিকৰণৰ দাবীত জনজাগৰণ সভা আৰু পদযাত্ৰা

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 2:17 PM IST

thumbnail

চিৰাং, 5 নৱেম্বৰ: অসমত বসবাস কৰা আদিবাসীসকলক জনজাতিকৰণৰ লগতে আন কেইবাটাও দাবীত চিৰাঙৰ ছেৰফাংগুৰী গাঁৱত দেওবাৰে সদৌ আদিবাসী ছাত্ৰ ইউনিয়ন তথা আছাৰ "জনজাগৰণ সভা আৰু পদযাত্ৰা" অনুষ্ঠিত হয় । চৰকাৰে আদিবাসীসকলৰ জনজাতিকৰণ আৰু ভূমি পট্টা প্ৰদানৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰ বাবে শাসকীয় দল বিজেপি আৰু ইউপিপিএলৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ছাত্ৰ সংগঠন আছাই । লোকসভা নিৰ্বাচনৰ পূৰ্বে আদিবাসীসকলক জনজাতিকৰণ নকৰিলে বিজেপি আৰু ইউপিপিএলৰ বিৰুদ্ধে নতুনকৈ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে কৰে আছা নেতা ষ্টেফেন লাক্ৰাই ।

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ছেৰফাংগুৰী গাঁৱত সদৌ অসম আদিবাসী ছাত্ৰ ইউনিয়ন চমুকৈ আছা, চিৰাং জিলা সমিতিৰ উদ্যোগত আৰু বেংতল আঞ্চলিক সমিতিৰ সহযোগত অসমৰ আদিবাসীসকলক ভাৰতৰ সংবিধান অনুসৰি অতি শীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰক, বিটিআৰত অঞ্চলত বাস কৰা আদিবাসীসকলক ভূমি পট্টা প্ৰধান কৰক, অসমৰ পাঁচটাকৈ আদিবাসী যুদ্ধবিৰতি সংগঠনৰ সৈতে আদিবাসী শান্তি চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰাৰ লগতে বিভিন্ন দাবীৰ সমৰ্থনত জনজাগৰণ সভা আৰু পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে ।

লগতে পঢ়ক: Bhupen Hazarika death anniversary : মঙলদৈৰ বেগানৈৰ পাৰত গীত-সুৰেৰে সুধাকণ্ঠক স্মৰণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.