Sri Sri Auniati Satra: কলিয়াপানীস্থিত আউনীআটী সত্ৰত ভাদমহীয়া নাম উৎসৱ আৰম্ভ

By

Published : Aug 22, 2023, 1:56 PM IST

thumbnail

টীয়ক,22 আগষ্ট: ‘‘হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে, প্ৰেম-অমৃতৰ নদী ৷’’ হৰি নামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ নামঘৰ, সত্ৰ ৷ চৰ্চা চলিছে মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টিৰাজিৰ । টীয়ক কলিয়াপানীস্থিত আউনীআটী সত্ৰত আৰম্ভ হ'ল ভাদমহীয়া নাম উৎসৱ ৷ আনহাতে সত্ৰৰ সত্ৰাধিকাৰ ড৹ পিতাম্বৰ দেৱ গোস্বামীৰ পৃষ্ঠপোষকতাত চলিছে ভাগৱত ব্যাখ্যা ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ আহি নেদেখাজনৰ চৰণত সেৱা লৈ নাম প্ৰসংগত অংশগ্ৰহণ কৰিছে । উল্লেখযোগ্য যে মাহজোৰাকৈ নাম উৎসৱৰ লগত সংগতি ৰাখি নিতৌ দিহানাম, মহাপুৰুষ দুজনাৰ তিথিত ভাওনা, বিভিন্ন ধৰ্মীয় কাৰ্যসূচী, সত্ৰখন তথা সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা কেইবাজনো স্বনামধন্য ব্যক্তিক সম্বৰ্ধনা জনোৱা কাৰ্যসূচী ৰূপায়ণ কৰিব সত্ৰই । সেয়ে এই ভাদমহীয়া প্ৰতিটো কাৰ্যসূচীতসমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি তথা সহযোগিতা আশা কৰিছে সত্ৰাধিকাৰ  ড৹ পিতাম্বৰ দেৱ গোস্বামীয়ে ৷

লগতে পঢ়ক:Chief Minister in Jorhat: ঢেকীয়াখোৱা বৰনামঘৰ আৰু মইনাপৰীয়া নামঘৰত আশীষ গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.