Republic Day 2023 : গোলাঘাটত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী অতুল বৰাৰ

By

Published : Jan 26, 2023, 1:21 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

গোলাঘাট, ২৬ জানুৱাৰী : আজি সমগ্ৰ দেশতে পালন কৰা হৈছে ৭৪ সংখ্যক গণৰাজ্য দিৱস (74th Republic day of India) ৷ দেশৰ লগতে অসমৰো বিভিন্ন প্ৰান্তত পালন কৰা হৈছে গণৰাজ্য দিৱস (Republic day observed in all over India) ৷ ৰাজ্যত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱসৰ কাৰ্যসূচী পালন কৰা হৈছে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত । আনহাতে, পৰম্পৰা ভংগ কৰি এইবাৰ ৰাজ্য চৰকাৰৰ গণৰাজ্য দিৱসত ৰাজ্যপালৰ সলনি পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Republic day observed in Assam)। লগতে তেওঁ সামৰিক অভিবাদনো গ্ৰহণ কৰে ।

ইয়াৰ উপৰি ৰাজ্যৰ বিভিন্ন জিলাত মন্ত্ৰীসকলে উত্তোলন কৰিছে ৰাষ্ট্ৰীয় পতাকা ৷ ঠিক একেদৰে গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অসমৰ কৃষি মন্ত্ৰী তথা বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাই (Republic day observed in Golaghat) ৷ পতাকা উত্তোলনৰ পাছতেই এক সামৰিক অভিবাদন গ্ৰহণ কৰি পতাকা উত্তোলনস্থলীৰ পৰাই জনসাধাৰণক উদ্দেশ্যে ভাষণ প্ৰদান কৰে মন্ত্ৰী অতুল বৰাই ৷

ইফালে বিজেপিৰ মুখ্য কাৰ্যালয়ত জাতীয় পতাকা উত্তোলন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । গুৱাহাটীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এইবাৰ পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় গণৰাজ্য দিৱস ।

উল্লেখ্য, আজি দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেড প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে কৰ্তব্যপথত । পূৰ্বৰ ৰাজপথৰ নাম সলনি কৰি ইয়াৰ নাম কৰা হৈছে কৰ্তব্যপথ । আনহাতে, এইবাৰ দেশৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি হৈছে ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দুল ফাট্টাহ এল-চিচি । উল্লেখ্য, এইবাৰৰ গণৰাজ্য দিৱসৰ পেৰেডত থলুৱা অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শনৰ ওপৰত গুৰুত্ব দিয়া হৈছে । লগতে নাৰী সবলীকৰণৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি পেৰেডত বহুকেইটা গুৰুত্বপূৰ্ণ বিভাগত নেতৃত্ব দিছে মহিলা বিষয়াই ।

আনহাতে, পৰম্পৰা অনুযায়ী গণৰাজ্য দিৱসৰ পূৰ্ব সন্ধিয়া ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে দেশবাসীক উদ্দেশ্যি ভাষণ দিয়ে । তেওঁৰ ভাষণত ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা যোগোৱা প্ৰতিগৰাকী ব্যক্তিকে শ্ৰদ্ধাৰে সোঁৱৰে । লগতে নানা জাতি-উপজাতি, বিচিত্ৰ সংস্কৃতি আৰু বিবিধ ধৰ্মাৱলম্বী লোকৰ মিলনভূমি ভাৰতবৰ্ষৰ সাতামপুৰুষীয়া সভ্যতাৰ কথাও উল্লেখ কৰে ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.