চিলাপথাৰত ধৰ্ষণৰ অপচেষ্টা ,অভিযুক্তৰ পলায়ন

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 5:02 PM IST

thumbnail

জোনাই, ৩০ ডিচেম্বৰ: ধেমাজি জিলাৰ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিলি গাঁৱত সংঘটিত হয় এক ধৰ্ষণৰ অপচেষ্টাৰ ঘটনা । উত্থাপিত অভিযোগ অনুসৰি একেখন গাঁৱৰে চেনাই চাংমাই নামৰ (৩২) এটা পাষণ্ডই এগৰাকী ১১ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অপচেষ্টা চলায় । ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে উত্থাপন কৰা অভিযোগ অনুসৰি লম্পট চেনাই চাংমাই নামৰ অভিযুক্তটোৱে অষ্টম শ্ৰেণীৰ ছাত্ৰী গৰাকীক ঘৰৰপৰা বিয়া ঘৰলৈ লৈ যোৱাৰ চলেৰে যোৱা শুক্ৰবাৰে নিশা ৯ মান বজাত ১ নং চিলি নদীৰ দলঙৰ তলত ভাবুকিৰে ধৰ্ষণৰ অপচেষ্টা  চলায় ।

ঘটনা সন্দৰ্ভত ভুক্তভোগীগৰাকীয়ে সকলো কথা পৰিয়ালক অৱগত কৰাৰ পিছতে পৰিয়ালৰ লোকে প্ৰশাসনক খৱৰ দিয়ে । পিচত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাত লম্পট চেনাই চাংমাইয়ে গাঁৱৰ পৰা পলায়ন কৰে । ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে চেনাই চাংমাইৰ বিৰুদ্ধে উচিত শাস্তি বিচাৰি ডিমৌ আৰক্ষী টহলদাৰী চকীত এজাহাৰ দাখিল কৰিছে ।

লগতে পঢ়ক:শান্তি চুক্তিৰ পিচত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা নস্যাৎ কৰিলে আলফাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.