Protest against price hike : মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত ATASU ৰ গৰ্জন

By

Published : Aug 7, 2023, 2:25 PM IST

thumbnail

শিৱসাগৰ, 7 আগষ্ট : অস্বাভাৱিক মূল্যবৃদ্ধিৰ অগনিয়ে দহিছে ৰাজ্যবাসীক ৷ প্ৰতিদিনাই নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি পোৱাৰ ফলত দিশহাৰা হৈ পৰিছে এতিয়া খাটিখোৱা লোকসকল ৷ পুনৰবাৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত গৰজি উঠিল সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছু ৷

ৰাজ্যত হোৱা আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে সোমবাৰে শিৱসাগৰত আটাছুৰ জিলা সমিতি আৰু মহকুমা সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী ৷ এই প্ৰতিবাদী কাৰ্যসূচীতে আটাছুৰ প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীৰ পুত্তালিকা দাহ কৰে ৷

লগতে মুখ্যমন্ত্ৰী হায় হায়, যোগানমন্ত্ৰীৰ কাম নাই ইত্যাদি শ্ল’গান দি উত্তাল কৰি তোলে শিৱসাগৰৰ ৰাজপথ ৷ আনকি এই প্ৰতিবাদী কাৰ্যসূচীতে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজতো সৃষ্টি হয় খণ্ডযুদ্ধৰ ৷

লগতে পঢ়ক : Price hike in Assam: বিপজ্জনক পাম খেতিৰে মূল্যবৃদ্ধি ৰোধৰ পৰিকল্পনা বিজেপিৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.