ATASU protest in Guwahati : জনজাতিকৰণৰ দাবীত চচলত আটাছুৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 7:37 PM IST

thumbnail

গুৱাহাটী, 31 আগষ্ট : 2024 ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে টাই আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ দাবীত চচলত দুঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আটাছুৱে ৷ সদৌ টাই আহোম ছাত্ৰ সন্থা কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত আৰু টাই আহোম মহিলা উন্নয়ন পৰিষদ, গুৱাহাটী কামৰূপ মহানগৰৰ সহযোগত বৃহস্পতিবাৰে দিনৰ 11 বজাৰ পৰা 1 বজালৈ মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত টাই আহোম জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ দাবী আৰু আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীৰে দুঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷

বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনজাতিৰ মৰ্যদা প্ৰদান কৰা হ’ব বুলি উল্লেখ থকাৰ পিছতো আজি পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে আহোম জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত বিশেষ তৎপৰতা গ্ৰহণ নকৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে টাই আহোম জনগোষ্ঠীক শীঘ্ৰেই জনজাতিৰ মৰ্যদা প্ৰদান নকৰিলে বৃহৎ গণ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷ 

লগতে পঢ়ক : ABSU Protest in Kokrajhar : বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অপসাৰণৰ দাবীত এবছুৰ প্ৰতিবাদী কাৰ্যসূচী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.