New Assamese movie Mamatar Sithi: ছেপ্তেম্বৰ মাহৰ শেষৰ ফালে মুক্তি পাব নতুন অসমীয়া কথাছবি ‘‘মমতাৰ চিঠি’’

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 9:24 AM IST

thumbnail

বৰপেটাৰোড, 25 আগষ্ট : কবি হেম বৰুৱাৰ এটি বিখ্যাত কবিতা হৈছে ‘‘মমতাৰ চিঠি’’ ৷ এই মননশীল কবিতাটোত এগৰাকী বিধৱা নাৰীৰ কাৰুণ্য প্ৰকাশ পাইছে বাবেই কবিতাটোৱে সকলোৰে অন্তৰত এক বিশেষ স্থান পাই আহিছে ৷ “শ্ৰেষ্ঠ ক্লাছিক কবিতা” হিচাবে স্বীকৃতি লাভ কৰা উক্ত কবিতাটোৰ আধাৰতে এইবাৰ নিৰ্মাণ কৰা হৈছে এখনি অসমীয়া কথাছবি ৷

বৰপেটাৰ বিশিষ্ট অভিনেতা, নাট্যকাৰ তথা পৰিচালক নিৰ্মল দাসে নিৰ্মাণ কৰা কথা ছবিখনৰো নাম ৰখা হৈছে “মমতাৰ চিঠি” ৷ ইতিমধ্যে কথাছবিখন ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ছবিগৃহত আগন্তুক ছেপ্তেম্বৰ মাহৰ শেষৰ ফালে মুক্তি দিয়াৰ বাবে সাজু হৈছে ৷

কথাছবিখনৰ প্ৰচাৰৰ বাবে বৃহস্পতিবাৰে নিশা মমতাৰ চিঠিৰ শিল্পী তথা কলা-কুশলীসকল বৰপেটাৰোডত উপস্থিত হয় ৷ শিল্পী আৰু কলাকুশলীসকলে বৰপেটাৰোডৰ বিভিন্ন স্থানত ছবিখনৰ বেনাৰ পোষ্টাৰ মৰাৰ লগতে সকলো ৰাইজক ছবিখন চাবলৈ আহ্বান জনায় ৷ নিৰ্মল দাসে পৰিচালনা কৰা ছবিখনত উল্লেখযোগ্য অভিনয় কৰিছে গুঞ্জন ভৰদ্বাজ, গীতাঞ্জলী শইকীয়া, ৰীণা বৰা, চেতনা দাস, ভাৰ্গব কটকী, শৰ্মিষ্ঠা দাস, কবীন্দ্ৰ দাস, কেৰ্পা আদি শিল্পীয়ে ৷

তৰালি শৰ্মাই সংগীত পৰিচালনা কৰা এই কথাছবিখনত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, তৰালি শৰ্মা, ভাস্কৰ অপচ'ৱেল আৰু শৰ্মিষ্ঠা দাসে ।

লগতে পঢ়ক : Mamatar Sithi : কবিতাৰ পৰা নিৰ্মিত ছবি মমতাৰ চিঠিৰ পৰিচালক নিৰ্মল দাসৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.