Bihu in Guinness book of world records:হোজাইত বিশ্ব ৰেকৰ্ড গঢ়াৰ লক্ষ্যৰে চলি থকা বিহুৰ প্ৰশিক্ষণ শিবিৰত মন্ত্ৰী কেশৱ মহন্ত

By

Published : Mar 31, 2023, 11:02 AM IST

thumbnail

হোজাই, 31 মাৰ্চ : ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ বাপতি সাহোন বিহুটিক বিশ্ব দৰবাৰত উপস্থাপন কৰাৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ লক্ষ্যৰে গ্ৰীনিজ বুক অৱ্ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভূক্তিৰ বাবে গুৱাহাটীত আয়োজন কৰা 'মেগা বিহু'ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সমগ্ৰ অসমৰ লগতে হোজাই মহকুমাতো প্ৰশাসনৰ উদ্যোগত বিহুনাচৰ অনুশীলন কৰি থকা হৈছে । মহকুমাটোৰ বিভিন্ন প্ৰান্তৰ পৰা ১৫০ গৰাকী বিহুৱা আৰু নাচনী বাচনি কৰি বিভিন্ন স্থানত আখৰা চলি থকাৰ লগতে ২৭ মাৰ্চৰ পৰা কেন্দ্ৰীয়ভাৱে শংকৰদেৱ নগৰৰ কাছাৰী ময়দান আৰু অডিটৰিয়াম প্ৰেক্ষাগৃহতো বিহু নৃত্যৰ আখৰা কৰি থকা হৈছে (Bihu dance rehearsal) ।

মহকুমা প্ৰশাসনৰ উদ্যোগত সহকাৰী আয়ুক্ত অচ্যুত নন্দন বৰাৰ তত্বাৱধানত আৰু গুৱাহাটীত প্ৰশিক্ষণ প্ৰাপ্ত তিনিজন প্ৰশিক্ষকৰ দ্বাৰা এই আখৰা প্ৰদান কৰি থকা হৈছে । এই আখৰা কাৰ্যসূচী পৰিদৰ্শন কৰাৰ উদ্দেশ্যেৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই বৃহস্পতিবাৰে শংকৰদেৱ নগৰত উপস্থিত হৈ বিহু নৃত্যৰ আখৰা উপভোগ কৰি পৰ্যবেক্ষণ কৰাৰ লগতে বিহুৱা-নাচনী সকলক উৎসাহিত কৰি তোলে (Bihu dance workshop) । মন্ত্ৰী গৰাকীৰ লগতে মহকুমাধিপতি লাচিত চন্দ্ৰ দাস আৰু হোজাই জিলাৰ বিজেপি সভাপতি অনুপ দেবসহ প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী, বিভিন্ন সংবাদ মাধ্যমৰ সংবাদদাতাসকল আৰু ৰাইজ উপস্থিত থাকে ।

উল্লেখ্য যে অহা ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাইত আয়োজন কৰা 'মেগা বিহু'ৰ অনুষ্ঠানত হোজাই মহকুমাৰ পৰা ১৫০ গৰাকী বিহুৱা আৰু নাচনীসহ এটি দলে অংশগ্ৰহণ কৰিব । ৩১ মাৰ্চলৈকে চলি থকা এই আখৰা কাৰ্যসূচীৰ অন্তত পৰৱৰ্তী পৰ্যায়ত সমূহীয়াকৈ গুৱাহাটীত পুনৰ অনুশীলন প্ৰদান কৰা হ'ব । অসমবাসী ৰাইজৰ আশা অসমৰ বিহুয়ে বিশ্ব দৰবাৰত স্থান পাওঁক (Guinness book of world record Assam Bihu) । মুখ্যমন্ত্ৰী গৰাকীৰ এই পদক্ষেপক সকলোৱে একেমুখে আদৰণি জনাইছে ।

লগতে পঢ়ক : Bihu in Guinness book of world records: বিশ্ব ৰেকৰ্ড গঢ়িবলৈ লোৱা বিহুৰ আখৰা শিবিৰত মন্ত্ৰী কেশৱ মহন্ত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.