Gandhi Jayanti: অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সমতা আৰু সমন্বয়ৰ কাৰ্যসূচী

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 9:23 PM IST

thumbnail

গুৱাহাটী, ২ অক্টোবৰ: অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত সোমবাৰে গুৱাহাটীৰ ৰাজীৱ‌ ভৱনত গান্ধী জয়ন্তী উদযাপন কৰা‌ হয় ।‌ সৰ্বধৰ্ম প্ৰাৰ্থনাৰে গান্ধী জয়ন্তী উদযাপন কৰা হয় । এই কাৰ্যসূচীৰ পিচতে গান্ধী জয়ন্তীৰ সৈতে সংগতি ৰাখি অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ উদ্যোগত 'সমতা আৰু সমন্বয়ৰ এক কাৰ্যসূচী' ৰাজীৱ ভৱনৰ পৰা আৰম্ভ কৰা হয় ।  

অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ নেতৃত্বত গুৱাহাটীৰ জি এছ ৰোডত এক‌ সমদল‌ উলিওৱা‌ হয় । এই সমদলত অংশগ্ৰহণ কৰি অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে 'সমতা আৰু সমন্বয়ৰ এক কাৰ্যসূচী'ৰ তাৎপৰ্য ব্যাখ্যা কৰে । তেওঁ কয় যে, এই কাৰ্যসূচী অহা ২০ অক্টোবৰলৈ ৰাজ্য়জুৰি চলি থাকিব ।

লগতে পঢ়ক: Gandhi Jayanti:একে ৰাতিতে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি আৰু গান্ধী উদ্যান পৰিষ্কাৰ বিধায়ক চক্ৰধৰ গগৈৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.