Assam Mizoram border tense: পুনৰ উত্তপ্ত অসম-মিজোৰাম সীমান্ত

By

Published : Jun 10, 2023, 9:15 PM IST

thumbnail

কৰিমগঞ্জ, 10 জুন: পুনৰ অস্থিৰ অসম-মিজোৰাম সীমান্ত ৷ সীমান্তত অসমৰ মাটিত প্ৰৱেশ কৰি মিজো দুষ্কৃতিকাৰীয়ে অসমৰ ভূমি বেদখল কৰি কাটে কেইবাজোপাও গছ ৷ ফলত হাইলাকান্দি জিলাৰ গল্লাছাৰা অঞ্চলত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ (Assam Mizoram Border Tension Heats Up Once Again) ৷

হাইলাকান্দি জিলাৰ সীমান্তৱৰ্তী অঞ্চলত মিজো দুৰ্বৃত্তই অসমৰ ভূমি বেদখল কৰাটো এইয়াই প্ৰথম নহয় ৷ এইবাৰ পুনৰ হাইলাকান্দি জিলাৰ গল্লাচৰা অঞ্চলত জেচিবিৰে অসমৰ ভূমি বেদখল কৰিবলৈ আৰম্ভ কৰিছে মিজো দুষ্কৃতিকাৰীয়ে ৷ পাহাৰ কাটি পথ নিৰ্মাণ আৰম্ভ কৰিছে মিজো লোকে ৷ মিজো দুষ্কৃতিকাৰীৰ এই আগ্ৰাসনত আতংকিত হৈ পৰিছে সীমান্ত অঞ্চলত বাস কৰা লোকসকল (Assam Mizoram Border Tense) ৷  

কাটলিচেৰাৰ বিধায়ক সুজাম উদ্দিন চৌধুৰীয়ে মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি বিষয়টো সমাধানৰ দাবী জনাইছে ৷ লগতে কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাই সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ গৃহ বিভাগৰ সৈতে এই বিষয়ত আলোচনা কৰিব (Assam Mizoram border dispute) ৷

লগতে পঢ়ক: Dringking water crisis : বগাহাতীত পৰিণত চৰকাৰী পানী যোগান আঁচনি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.