চিটি স্কেন মেচিনসমূহ বিদেশৰ পৰা আনি লাগে, প্ৰক্ৰিয়াটোত কিছু সময় লাগে : কেশৱ মহন্ত

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 10:31 PM IST

thumbnail

গুৱাহাটী, ২৮ নৱেম্বৰ : ‘‘আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল ।’’ এই আপ্তবাক্য শাৰী যেন প্ৰতিফলিত হৈছে ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহত । কিয়নো ৰাজ্যত এখনৰ পিচত আন এখন চিকিৎসা মহাবিদ্যালয় হাস্পতাল মুকলি কৰিছে চৰকাৰে । কিন্তু চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহত পৰ্যাপ্ত সা-সুবিধা পোৱা নাই ৰোগীয়ে । বিগত ১০ মাহ ধৰি বিকল হৈ আছে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিটি স্কেন মেচিন ।

নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালতো ৰোগীয়ে লাভ কৰা নাই কোনো ৰোগৰ পৰিক্ষাৰ সুবিধা । সেয়েহে এতিয়া চিকিৎসা মহাবিদ্যালয়সমূহৰ সমস্যাই দুৰ্ভোগ ভোগাইছে দৰিদ্ৰ ৰোগীসকলে । এই সম্পৰ্কত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে মেচিনসমূহৰ বাবে ইতিমধ্যে ঠিকা আৱন্টন দিয়া হৈছে । আন ঠিকা আৱন্টন দিলে আগতীয়াকৈ টকা দিব নালাগে ৷ কিন্তু এই মেচিনসমূহ বিদেশৰ পৰা আনিব লাগে ৷ সেয়েহে ইয়াৰ টকা আগতীয়াকৈ দিব লাগে ।

সম্পূৰ্ণ প্ৰক্ৰিয়াটোত কিছু সময় লাগে । গতিকে ছমাহৰ ভিতৰত মেচিনৰ ব্যৱস্থা কৰা হ'ব । আনহাতে, KGMT হাস্পতালৰ শিশু মৃত্যুৰ ঘটনাৰ ইতিমধ্যে তদন্ত দিয়া হৈছে বুলি কৈ ইয়াৰ উচিত ব্যৱস্থা লোৱা হ’ব বুলিও জানিবলৈ দিয়ে ।

লগতে পঢ়ক : বৃটিছে স্থাপন কৰা অসমৰ প্ৰথমটো ষ্টেচনৰ বিষয়ে আপুনি জানেনে ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.