কৰ সংগ্ৰহৰ বাবে ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ আজব নিৰ্দেশনা জাৰি‌, কংগ্ৰেছৰ তীব্ৰ প্ৰতিক্ৰিয়া

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 8:20 AM IST

Updated : Nov 22, 2023, 10:53 AM IST

thumbnail

গুৱাহাটী, ২২ নৱেম্বৰ: কৰ সংগ্ৰহৰ বাবে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে শেহতীয়াকৈ এক আজব নিৰ্দেশনা জাৰি‌ কৰিছে । এতিয়াৰে পৰা ৰাজহুৱা অনুষ্ঠান আয়োজনৰ বাবে দিব লাগিব কৰ । ইয়াকে লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । 

গৃহ বিভাগৰ এক নিদেৰ্শনা মতে সভা-সমিতি, ৰেলী উলিয়ালেও দিব লাগিব কৰ । সাংস্কৃতিক সমদল, অনুষ্ঠান, বিহু আদিৰ অনুমতিৰ বাবে ৩০০ টকা, ৰাজনৈতিক ৰেলী, অনুষ্ঠান আৰু সভাৰ অনুমতিৰ বাবে ২০০০ টকা,‌ সকলো ধৰণৰ খেল-ধেমালিৰ অনুষ্ঠানৰ অনুমতিৰ বাবে ২০০০ টকা,‌ বাটৰ নাট, সজাগতা ৰেলী, অনুষ্ঠানৰ অনুমতিৰ বাবে ৫০০ টকা ভৰিব লাগিব ৷ 

আকৌ বাণিজ্য মেলা, খাদ্য মেলা, এক্সপ’, আদিৰ অনুমতিৰ বাবে ৫০০০ টকা,‌ বাণিজ্যিক নিৰ্মাণৰ অনুমতিৰ বাবে গুৱাহাটীত ৫০ হাজাৰ টকাৰ মাচুল আৰু ৰাজ্যৰ আন প্ৰান্তত ২৫ হাজাৰ টকাৰ মাচুল দিব লাগিব । পেট্ৰ'ল পাম্প আৰু গেছ এজেন্সীৰ অনুমতিৰ বাবে ১০ হাজাৰ টকা, প্রাইভেট এমপ্লয়মেন্ট ভেৰিফিকেশ্যনৰ বাবে ৩০০ টকাৰ মাচুল, ভাড়াঘৰ আৰু পেয়িং গেষ্ট ভেৰিফিকেশ্যনৰ বাবে ৩০০ টকাৰ মাচুল,‌ ঘৰৰ বনকৰা লোকৰ ভেৰিফিকেশ্যনৰ বাবে ৩০০ টকাৰ মাচুল আদায় দিব লাগিব ।

ৰাজ্যৰ গৃহ বিভাগৰ এই নিৰ্দেশনাক লৈ অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁ মুখ্যমন্ত্ৰীক চোকা ভাষাৰে সমালোচনা কৰিছে ।

লগতে পঢ়ক: আগদিনা মন্তব্য কৰি পিচদিনা উঠাই লয় ভূপেন বৰাই: অতুল বৰা

Last Updated : Nov 22, 2023, 10:53 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.