National Games Goa 2023: ভাৰোত্তোলনত অসমলৈ সোণৰ পদক

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 3:48 PM IST

thumbnail

আমগুৰি, ২৬ অক্টোবৰ : ক্ৰীড়াত উজলিছে অসম ৷ পুনৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে শিৱসাগৰৰ পপী হাজৰিকাই । গোৱাত অনুষ্ঠিত "National Games Goa 2023" ত সোণৰ পদক অৰ্জন কৰিলে নামতিৰ পপী হাজৰিকাই । ভাৰোত্তোলনত 59kg Category ত ১৯১ কেজি উত্তোলন কৰি সোণৰ পদক লাভ কৰে পপী হাজৰিকাই ৷

উল্লেখ্য যে, শিৱসাগৰ জিলাৰ নামতিৰ পপী হাজৰিকাই কমনৱেলথ গেমছত খেলাৰ সুযোগ লাভ কৰিছিল । নামতি অঞ্চলৰ জীয়াৰী পপী হাজৰিকাই কমনৱেলথ গেমছত খেলাৰ সুযোগ লাভ কৰি সমগ্ৰ নামতি অঞ্চলৰ লগতে শিৱসাগৰ আৰু অসম তথা দেশৰ বাবে গৌৰৱ কঢ়িয়াই আনিছিল । দিপ্তী হাজৰিকা আৰু স্বৰ্গীয় অনুপ হাজৰিকাৰ কন্যা একালৰ নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ ছাত্ৰী পপী হাজৰিকা বৰ্তমান উত্তৰ পূব সীমান্ত ৰে’লৱেৰ এগৰাকী কৰ্মচাৰী । বিগত সময়ত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত পদক অৰ্জনেৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা পপীয়ে বৃহস্পতিবাৰে গোৱাত অনুষ্ঠিত "National Games Goa 2023" ত সোণৰ পদক অৰ্জন কৰি পুনৰবাৰ সকলোকে গৌৰৱান্বিত কৰিলে ।

লগতে পঢ়ক : Felicitation to swimmer Pankaj Chetia : সাঁতোৰবিদ পংকজ চেতিয়াক ৰাজহুৱাকৈ সম্বৰ্ধনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.