Felicitation to swimmer Pankaj Chetia : সাঁতোৰবিদ পংকজ চেতিয়াক ৰাজহুৱাকৈ সম্বৰ্ধনা

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 1:06 PM IST

thumbnail

ডিব্ৰুগড়, 26 অক্টোবৰ : নেপালত অনুষ্ঠিত হোৱা অষ্টম সংখ্যক SBKF আন্তঃৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিবলৈ হ’ল পংকজ চেতিয়াই ৷ 30 বছৰ অনুৰ্দ্ধ শাখাত ভাৰতৰ হৈ অংশগ্ৰহণ কৰি 4 টাকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা খোৱাঙৰ পংকজ চেতিয়াক বুধবাৰে গাঁৱৰ ৰাইজে ৰাজহুৱাকৈ সম্বৰ্ধনা জনায় ।

ডিব্ৰুগড় জিলাৰ খোৱাং হালধিবাৰীৰ চেতিয়া গাঁৱৰ যুৱক পংকজ চেতিয়াই ভিতৰুৱা এখন গাঁৱৰ পৰা গৈ ভাৰতৰ হৈ স্বৰ্ণ পদক লাভ কৰাত গাঁৱৰ ৰাইজো এতিয়া আনন্দিত হৈ পৰিছে । বুধবাৰে গাঁওবাসীৰ লগতে টাইপা মৰাণ মহকুমা সমিতি, মহিলা পৰিষদ আৰু খোৱাং ব্লক কংগ্ৰেছ কমিটীৰ বিষয়ববীয়াসকলে খেলুৱৈগৰাকীৰ ঘৰত গৈ সম্বৰ্ধনা জনায় ।

সাঁতোৰবিদ পংকজ চেতিয়াৰ বাসগৃহতে এখন সম্বৰ্ধনা সভা আয়োজন কৰি পুত্ৰৰ সাফল্যৰ আঁ‌ৰত থকা পংকজৰ পিতৃ-মাতৃকো ৰাইজে প্ৰশংসাৰে উপচাই পেলায় । সভাখনত খোৱাং ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি বিজু দুৱৰা, টাইপা মহিলা পৰিষদৰ নেত্ৰী ৰেখা গগৈ, টাইপা কেন্দ্ৰীয় সমিতিৰ সহ সম্পাদক কমল কোঁৱৰ, মৰাণ মহকুমা সমিতিৰ যুটীয়া সম্পাদক উত্তম গগৈ, চিত্ৰ কোঁৱৰকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক : Scam in JJM Scheme : আমগুৰিত জল জীৱন মিচন আঁচনি ৰূপায়ণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.