Assam freedom fighter: ভূমি পট্টাৰ পৰা বঞ্চিত মুক্তিযোদ্ধা খগেশ্বৰ গগৈ

By

Published : Jan 26, 2023, 8:00 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

এগৰাকী মুক্তযোদ্ধাৰ জীৱনৰ কৰুণ গাথা(Assam freedom fighter) ৷ দেশে উদযাপন কৰিলে 74 সংখ্যক গণৰাজ্য দিৱস(Republic day 2023) ৷ কিন্তু এগৰাকী মুক্তিযোদ্ধা প্ৰায় 70 বছৰৰ পিচতো বঞ্চিত হৈ আছে তেওঁ বসবাস কৰি থকা ভূমিৰ পট্টা লাভৰ পৰা ৷ হয়, আমি ক’ব বিচাৰিছোঁ যোৰহাটৰ বৰ্ষীয়ান মুক্তিযোদ্ধা খগেশ্বৰ গগৈৰ কথা ৷  

উল্লেখ্য যে, প্ৰতিবছৰে স্বাধীনতা দিৱসত সোঁৱৰণ কৰা হয় স্বাধীনতা সংগ্ৰামী এইসকল মুক্তি যুঁজাৰুক ৷ লগতে সম্বৰ্ধনা আৰু কৃতজ্ঞতাৰেও উপচাই দিয়া হয় ৷ কিন্তু শুনি আচৰিত হ’ব যে যোৰহাটৰ তেনে এগৰাকী শতায়ু গৰকা মুক্তিযোদ্ধাই তেওঁৰ বসবাস কৰাৰ বাসস্থানত প্ৰতি পল উচ্ছেদ চলাৰ আশংকাত জীৱন অতিবাহিত কৰিব লগা হৈছে(Freedom fighter Khageshwar Gogoi) । 

জীৱিত অৱস্থাত থকা জিলাখনৰ মুক্তিযোদ্ধাসকলৰ ভিতৰত অন্যতম খগেশ্বৰ গগৈৰ বাসস্থান থকা ভূমিখিনি যোৰহাট পৌৰসভাৰ সংৰক্ষিত ভূমি আৰু একাংশ হৈছে ৰে’ল বিভাগৰ ভূমি । মুক্তিযোদ্ধাগৰাকীয়ে তথা পৰিয়ালৰ লোকে উক্ত ভূমিখিনিৰ বাবে বহুবাৰ আৱেদন-নিবেদন কৰাৰ পিচতো নাপালে ভূমি পট্টা(Freedom fighter deprived of patta) । মুক্তিযোদ্ধা খগেশ্বৰ গগৈয়ে একমাত্ৰ যোৰহাট পৌৰসভাৰ হেমাহিৰ বাবে আজি পৰ্যন্ত তেওঁ বসবাস কৰাৰ ভূমিডোখৰৰ ম্যাদি পট্ৰা লাভ নকৰিলে বুলি অভিযোগ উত্থাপন হৈছে । গতিকে, এইগৰাকী মুক্তিযোদ্ধাক ভূমি পট্টা প্ৰদানৰ বাবে আহ্বান জনাইছে বিভিন্নজনে ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.