CM at Bordowa Than: বটদ্ৰৱা থানৰ পৰা 8 কিঃ মিঃ ব্যাসাৰ্ধৰ ভিতৰত ক্ৰয়-বিক্ৰয় নহ’ব মাটিৰ !
🎬 Watch Now: Feature Video

Published : September 24, 2023 at 1:30 PM IST
বটদ্ৰৱা, 24 ছেপ্টেম্বৰ : দেওবাৰে বটদ্ৰৱা থানত উপস্থিত হয় মুখমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰীৰ ব্যক্তিগত পুঁজিৰ অধীনত ন-ৰূপত সজাই তোলা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থান ৷ প্ৰায় 23 কোটি টকা ব্যয়ৰে আটক ধুনীয়াকে নিৰ্মাণ কৰি উলিওৱা শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ দুটাকৈ সত্ৰাধিকাৰ গৃহ আৰু এটা শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ গৃহৰ লগতে ‘‘দামোদৰ আটা’’ নামাকৰণে আন এটি সভাগৃহ আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
আনহাতে, দেওবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা । তেওঁ কয়,‘‘ বটদ্ৰৱা থানৰ পৰা 8 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত মাটি ক্ৰয়-বিক্ৰয়ত জাৰি কৰিব নিষেধাজ্ঞা । এই বিষয়ত ৰাজ্য চৰকাৰে শীঘ্ৰেই আইন প্ৰণয়ন কৰাৰ চিন্তা চৰ্চা কৰা হৈছে । কাৰণ ঐতিহাসিক স্থান সংৰক্ষণৰ বাবে চেষ্টা কৰা হৈছে ৷’’ ইফালে আকাশী গংগাক সুন্দৰ ৰূপত সজোৱা হ'ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
‘‘বটদ্ৰৱা থানৰ পৰ্যটকৰ বাবে ৰান্ধনীশাল, শৌচাগাৰ, গাড়ীৰ পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব । বটদ্ৰৱাৰ পৰ্যটকৰ বাবে নিৰ্মিত 150 কোটি টকীয়া প্ৰকল্পও সম্পূৰ্ণ হোৱাৰ পথত । অহা ফেব্ৰুৱাৰী মাহত উদ্বোধন কৰা হ'ব প্ৰথম পৰ্যায়ৰ কাম । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকল্প উদ্বোধন কৰিব’’ বুলিও জনায় ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
লগতে পঢ়ক:Four lane Highway at Samaguri : নগাঁৱত চূড়ান্ত প্ৰহসনত পৰিণত হ'ল চাৰিলেনযুক্ত ৰাজপথ নিৰ্মাণ