Indrani Tahbildar Death: ইন্দ্ৰানী টহবিলদাৰ আত্মহত্যাত একো ক’ব খোজা নাই মুখ্যমন্ত্ৰীয়ে

By

Published : Aug 18, 2023, 11:09 AM IST

thumbnail

গুৱাহাটী, 18 আগষ্ট: বিজেপি ভিতৰচ’ৰা কঁপাই যোৱা ইন্দ্ৰানী টহবিলদাৰৰ আত্মহত্যা সন্দৰ্ভত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় , ‘‘আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীয়ে তদন্ত কৰি থকা সময়ত বিষয়টো সন্দৰ্ভত বেছি কথা ক’ব নালাগে । নহ’লে তদন্ত প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থাকে । তাতে মই নিজেই ৰাজ্যৰ গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী । তদন্তত সকলো কথা স্পষ্ট হ’ব ।’’ 

উল্লেখ্য যে, বিজেপি কিষাণ মৰ্চাৰ নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ একান্ত ব্যক্তিগত ফটো ভাইৰেল হোৱাৰ পাছতে নেত্ৰীগৰাকীয়ে আত্মহননৰ দৰে চৰম পথ বাচি লৈছিল । ঘটনাটো সংঘটিত হোৱাৰ পাছতেই বিজেপিৰ বহু নেতাৰ নাম সাঙোৰ খোৱা পৰিলক্ষিত হৈছে । ইফালে ঘটনাৰে নাম সাঙোৰ খোৱা বিজেপি নেত্ৰী তৃষ্ণা শৰ্মাক দলৰ সকলো দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে । 

বিজেপিৰ কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি দেৱজিত বৰাৰ নিৰ্দেশত তৃষ্ণা শৰ্মাক দলৰ সকলো দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে । বহিষ্কৃত তৃষ্ণা শৰ্মা কৃষক মৰ্চাৰ ৰাজ্যিক যুটীয়া কাৰ্যালয় সম্পাদিকা আছিল ।  

লগতে পঢ়ক:  Naked man body recovered: শিলচৰ জিলা বিজেপিৰ কাৰ্যালয়ত উলংগ ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.