Durga puja 2023: শিলঘাটৰ শ্ৰীশ্ৰী কামাখ‍্যা দেৱালয়ত পূজা-অৰ্চনা অসমৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 3:53 PM IST

thumbnail

 কলিয়াবৰ, 22 অক্টোবৰ: আজি মহা অষ্টমী ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে কলিয়াবৰ শিলঘাটৰ ঐতিহাসিক শ্ৰীশ্ৰী কামাখ‍্যা দেৱালয়তো আয়োজন কৰা হৈছে দুৰ্গা পূজা ৷ অসমৰ দ্বিতীয় শক্তিপীঠ হিচাপে খ্যাত শিলঘাটৰ শ্ৰীশ্ৰী কামাখ‍্যা দেৱালয়ত মহা অষ্টমীৰ দিনা পূজা অৰ্চনা কৰিলে অসমৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে ৷

জন্মসূত্ৰে কলিয়াবৰৰ কামাখ‍্যা গাঁৱৰ বাসিন্দা পৱন কুমাৰ বৰঠাকুৰৰ পৰিয়ালটিয়ে অতীজৰে পৰা শ্ৰীশ্ৰীকামাখ‍্যা দেৱালয়ৰ পুৰোহিতৰ দায়িত্ব পালন কৰি আহিছে । ৰাজ‍্যৰ মুখ‍্য সচিবৰ দায়িত্ব লোৱাৰ পাচত দ্বিতীয়বাৰলৈ ৰাজ‍্যৰ দ্বিতীয় শক্তিপীঠ শিলঘাটৰ ঐতিহাসিক শ্ৰীশ্ৰীকামখ‍্যা দেৱালয়ত পূজা-অৰ্চনা কৰিবলৈ আহিল বৰঠাকুৰ ।

ৰাজ্যবাসীৰ মংগল কামনাৰে অসমৰ দ্বিতীয় শক্তিপীঠ কলিয়াবৰস্থিত শিলঘাট কামাখ্যা দেৱালয়ত পূজা অৰ্চনা কৰে মুখ্য সচিব বৰঠাকুৰে । উল্লেখ্য যে, অষ্টম শতিকাতে শালস্তম্ভ বংশীয় ৰজা বনমালদেৱে শিলঘাটৰ কামকূট, এতিয়াৰ কামাখ্যা পাহাৰত স্থাপন কৰিছিল কামাখ্যা মন্দিৰ ।

মা কামাখ‍্যাৰ উপাসক বনমালদেৱে এই মন্দিৰত কামাখ‍্যা দেৱীৰ বিগ্ৰহ স্থাপন কৰিছিল । প্ৰাকৃতিক কাৰণত ধ্বংস হোৱা কামাখ্যা পীঠ পিচত আহোম ৰাজত্ব কালত 1745 খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰমত্ত সিংহই শিলঘাটতে পুনৰ নিৰ্মাণ কৰে কামাখ্যা দেৱালয় ।

লগতে পঢ়ক:Durga Puja 2023 : কলিয়াবৰৰ পাঁচটি শিশুৰ ব্যতিক্ৰমী পূজাই আকৰ্ষণ কৰিছে সকলোকে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.