শিৱসাগৰত উত্তৰ-পূবৰ প্ৰথমখন বিমান ৰেস্তোৰাঁ

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 8:43 PM IST

thumbnail

বাইহাটা, 6 জানুৱাৰী : সুদূৰ মুম্বাইৰ পৰা অসমলৈ আনি থকা হৈছিল এখন বিমান ৷ বিমানখন আহি থাকোঁতে সন্মুখীন হৈছিল নানান বিজুতিৰ । বিহাৰ আৰু মুম্বাইৰ অভাৰব্ৰীজত লাগিও ধৰিছিল বিমানখন ৷ অৱশেষত নানান বাধা নেওচি শুকুৰবাৰে অসমত প্ৰৱেশ কৰে বিমানখনে ৷

১৭ ডিচেম্বৰত মুম্বাইৰ পৰা যাত্ৰা আৰম্ভ কৰা বিমানখন শনিবাৰে বাইহাটা চাৰিআলিৰ কমলপুৰ পায়হি । শিৱসাগৰ লৈ বুলি বাইহাটা চাৰিআলিৰ মাজেৰে ১০০ ফুট দীঘল এখন ট্ৰেইলাৰৰ এখন ট্ৰাকৰ পিঠিত উঠি পাৰ হৈ গ’ল বিমানখন ৷

উল্লেখ্য যে বিমানখনত স্থাপন কৰা হ’ব উত্তৰ-পূবৰ প্ৰথমখন এৰ’প্লেন ৰেস্তোৰাঁ ৷ ব্যৱসায়ী হৰি প্ৰসন্ন হাজৰিকাই ৰেস্তোৰাঁ খোলাৰ বাবে ক্ৰয় কৰিছিল বিমানখন । উত্তৰ-পূবৰ প্ৰথমখন এৰ’প্লেন ৰেস্তোৰাঁ মুকলিৰ বাবে ব্যৱসায়ী হৰিপ্ৰসন্ন হাজৰিকাই ১১৮ ফুট দৈৰ্ঘৰ ইণ্ডিয়ান এয়াৰ লাইনছৰ বিমানখন (এয়াৰ-৩২০) নিলামত ক্ৰয় কৰে ৷

লগতে পঢ়ক: আন এক অভিলেখ, হেলো কক্ষপথত প্ৰৱেশ আদিত্য এল-১ৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.