Arunodoi Scheme Scam: প্ৰকৃত হিতাধিকাৰীৰ বিপৰীতে অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত হ’ল চাকৰিয়ালৰ

By

Published : May 27, 2023, 9:31 PM IST

thumbnail

কলিয়াবৰ, 27 মে’ : কলিয়াবৰৰ গ্ৰাম‍্যাঞ্চলত অৰুণোদয় আঁচনিৰ নামত বৃহৎ কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে (Arunodoi Scheme Scam )৷ অৰুণোদয় আঁচনিৰ নীতি-নিৰ্দেশনা উলংঘা কৰি প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে ৷ দিন হাজিৰা, খেতি কৰি যেনে-তেনে পৰিয়াল পোহপাল দিয়া লোকৰ বিপৰীতে ধনী তথা চাকৰিয়াল থকা পৰিয়ালৰ মহিলাৰ নাম অৰুণোদয় আঁচনিৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে কলিয়াবৰৰ একাংশ বঞ্চিত তথা প্ৰকৃত হিতাধিকাৰীয়ে (Arunodoi Scheme Scam at Kaliabor)। 

অৰুণোদয় আঁচনি, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰকে ধৰি অন্যান্য চৰকাৰী আঁচনি লাভৰ বাবে পঞ্চায়তৰ ৱাৰ্ড-মেম্বাৰক হিতাধিকাৰীয়ে ধন দিব লাগে বুলি অভিযোগ গাঁওবাসীৰ ৷ ইয়াৰোপৰি গাঁও পঞ্চায়তৰ সভাপতি, গাঁও সভাৰ সদস‍্যৰ নিজ ইচ্ছামতে তালিকা প্ৰস্তুত কৰাৰ অভিযোগ উত্থাপন কৰে গাঁওবাসীয়ে ৷ 

লগতে পঢ়ক: Cattle smuggling:ৰহাৰ বৰ আমৰিত উদ্ধাৰ চোৰাং গৰু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.