APSC পৰীক্ষাত উজলিল বডোফা ইউএন ব্ৰহ্ম ছুপাৰ ফিফটিৰ ৭ গৰাকী প্ৰাৰ্থী

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 2:40 PM IST

thumbnail

কোকৰাঝাৰ, 18 জানুৱাৰী : বিটিআৰ চৰকাৰৰ বডোফা ইউএন ব্ৰহ্ম ছুপাৰ ফিফটি (50) মিছনৰ সফলতা ৷ অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত 2023 ৰ পৰীক্ষাৰ 17 জানুৱাৰীত ঘোষিত ফলাফলে বড়োভূমিলৈ এক সুন্দৰ শৈক্ষিক ভৱিষ্যতৰ বাৰ্তা কঢ়িয়াই আনিছে ৷ বিটিআৰ চৰকাৰে বডোফা ইউ এন ব্ৰহ্ম ছুপাৰ ফিফটি (50) মিছনৰ জৰিয়তে বিটিআৰ অঞ্চলত শিক্ষাৰ এক নৱ জাগৰণ সৃষ্টিৰ লক্ষ্যৰে প্ৰচেষ্টা চলাই থকা সময়তে সদ্য ঘোষিত অসম সংযুক্ত লোকসেৱা আয়োগৰ পৰীক্ষাত উজলিল 7 গৰাকী প্ৰাৰ্থী । ইয়াৰে দুগৰাকী ACS ক্ৰমে অনুপম দাস (চতুৰ্থ স্থান) আনগৰাকী গণেশ চন্দ্ৰ বড়ো (18 তম স্থান ) ।

বাকী পাঁচগৰাকীৰ ভিতৰত তিনিজন সহ একাউণ্ট বিষয়া, এগৰাকী বিডিঅ' আৰু এগৰাকী অসম নগৰ প্ৰশাসনিক বিষয়া । সফলতা লাভ কৰা সকলো প্ৰাৰ্থীক অভিনন্দন জ্ঞাপন কৰিছে ইউপিপিএল কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে ।

আনফালে সদ্য ঘোষিত অসম সংযুক্ত লোকসেৱা আয়োগৰ পৰীক্ষাত কোকৰাঝাৰ চহৰৰ তিনিগৰাকী প্ৰাৰ্থীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । তেওঁলোক হ'ল ক্ৰমে চান্দনী বৰগয়াৰী (ভিডিঅ) . ডেটচুং খুংগুৰ বসুমতাৰী (সহ প্ৰৱন্ধক, জিলা উদ্যোগ কেন্দ্ৰ) আৰু আনগৰাকী দীপক বসুমতাৰী (একাউণ্ট ছাৰ্ভিচ) ৷ 

লগতে পঢ়ক: APSC পৰীক্ষাৰ দ্বাদশ স্থানত দেৱশ্ৰী ভাৰ্গৱ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.