Anganwadi Centre scam: গৃহ অবিহনে চলিছে এটা অংগনৱাড়ী কেন্দ্ৰ

By

Published : Jan 21, 2023, 5:28 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগে ৰাজ্যৰ ভিন্ন প্ৰান্তত থকা কেইবাটাও অংগনৱাড়ী কেন্দ্ৰ পৰ্যায়ক্ৰমে আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ হিচাপে নিৰ্মাণ কৰিছে(Anganwadi Centre allotment by govt) । ৰাইজৰ বাঃ বাঃ লৈ বিধায়ক আৰু মন্ত্ৰীসকলে শুভাৰম্ভ কৰিছিল কণ কণ শিশুসকলে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি অহা কেইবাটাও অংগনৱাড়ী কেন্দ্ৰ(Model Anganwadi Centre Inaugurated in Assam) । কিন্তু পূৰ্বৰ অংগনৱাড়ী কেন্দ্ৰবোৰ কি অৱস্থাত চলি আছে সেয়া জনপ্ৰতিনিধিসকলে খবৰ নোলোৱাৰ অভিযোগ উত্থাপন হৈছে । 

শিশুসকলৰ শৈক্ষিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ উদ্দেশ্যেৰে স্থাপন কৰা একাংশ অংগনৱাড়ী কেন্দ্ৰ বিভিন্ন সমস্যাৰ মাজেৰে চলি থকাৰ অভিযোগ উত্থাপন হৈছে । এইখন ৰাজ্যত আজিও একাংশ অংগনৱাড়ী কেন্দ্ৰ গৃহ অবিহনে চলি থকাৰ খবৰ পোহৰলৈ আহিছে । অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহলৰ সমষ্টিতো গৃহ অবিহনে চলিছে একাংশ অংগনৱাড়ী কেন্দ্ৰ । মুকলি আকাশৰ তলতে চলিছে অংগনৱাড়ী কেন্দ্ৰ । 

সমষ্টিটোৰ ঢেকিয়াজুলি সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত থকা বান্দৰহাগী ১২ নং অংগনৱাড়ী কেন্দ্ৰটিৰ নাই স্থায়ী গৃহ(Anganwadis are running without houses in Rangapara) । গছৰ তলত মাটিত বস্তা পাৰি শিশুসকলক শিক্ষাদান কৰিবলগীয়া হৈছে কৰ্মী অঞ্চলি দায়েংগীয়াৰীয়ে । সমাজ কল্যাণ বিভাগটোৱে আজিলৈকে এটা পকীৰ গৃহ নিৰ্মাণ কৰি নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । মুকলি আকাশৰ তলতে অংগনৱাড়ী কেন্দ্ৰটি চলি থকাত বিভাগটোৰ ফোপোলা স্বৰূপটো উদঙাই দিছে । 

কেন্দ্ৰটিৰ কাষতে থকা জৰাজীৰ্ণ গৃহটি কোন সময়ত ভাঙি পৰে তাৰো কোনো নিশ্চয়তা নাই । ১২ নং অংগনৱাড়ী কেন্দ্ৰটিত এটা স্থায়ী গৃহ নিৰ্মাণ কৰিবলৈ পৰিচালনা সমিতিৰ সভাপতি দোমান বড়োয়ে বিভাগীয় কৰ্তৃপক্ষ আৰু গাঁও পঞ্চায়তখনক বাৰম্বাৰ দাবী জনাই আহিছে । কিন্তু এইক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাৰ আন এক অভিযোগ উত্থাপিত কৰিছে পৰিচালনা সমিতিৰ সভাপতি দোমান বড়োয়ে । কণ কণ শিশুসকলে যাতে এক সুন্দৰ, সুস্থিৰ পৰিৱেশত শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ বাবে শীঘ্ৰেই এটা অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ কৰিবলৈ স্থানীয় ৰাইজে বিভাগটোক দাবী জনাইছে । 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.