Protest in Charaideo:অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ প্ৰতিবাদত কঁপিল চৰাইদেউ

By

Published : May 24, 2023, 3:32 PM IST

thumbnail

মৰাণ, ২৪ মে':পুনৰ প্ৰতিবাদত কঁপিল চৰাইদেউ জিলা ৷ ন্যায্য প্ৰাপ্তিৰ দাবীত সোমবাৰে শতাধিক অংগনৱাড়ী কৰ্মীয়ে চৰাইদেউ জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি সাব্যস্ত কৰে প্ৰতিবাদ (Anganwadi workers protest in Charaideo) ৷ প্ৰতিবাদী অংগনৱাড়ী কৰ্মীসকলে প্ৰতিবাদস্থলীত মাননি সলনি মজুৰি দিয়ক,অংগনৱাড়ী কৰ্মীক দহ হাজাৰ আৰু সহায়িকাক আঠ হাজাৰ টকা আদায় দিয়ক আদি শ্ল’গান দিয়ে ।

শ শ অংগনৱাড়ী কৰ্মী সহায়িকাৰ প্ৰতিবাদত উত্তাল হ'ল চৰাইদেউ জিলাৰ সোণাৰি (Protest in Charaideo )। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি পাৰ হোৱাৰ পাচতেই ৰাজ্যত আৰম্ভ হৈছে আন্দোলন -প্ৰতিবাদ। কৰ্মবিৰতি পালন কৰি চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন । চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি প্ৰদান, মাননিৰ সলনি মজুৰি প্ৰদান, অতি কমেও ১০ হাজাৰ টকাকৈ মজুৰি প্ৰদান, প্ৰতিটো অংগনৱাড়ী কেন্দ্ৰৰ আন্তঃগাথঁনি উন্নয়নৰ দাবী জনাইছে প্ৰতিবাদী অংগনৱাড়ী কৰ্মীয়ে ।

লগতে পঢ়ক:Protest in Dhemaji : ধেমাজি সমাজ কল্যাণ বিষয়া কাৰ্যালয়ত অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ বিক্ষোভ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.