Protest in Dhemaji : ধেমাজি সমাজ কল্যাণ বিষয়া কাৰ্যালয়ত অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ বিক্ষোভ

author img

By

Published : May 23, 2023, 5:27 PM IST

Protest in Dhemaji

সোমবাৰে শতাধিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ প্ৰতিবাদত উত্তাল হ’ল ধেমাজি জিলা (Protest in Dhemaji) ৷ ন্যায্য প্ৰাপ্তিৰ দাবীত বিভিন্ন শ্ল’গান দি ধেমাজি জিলা সমাজ কল্যান বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদত বহিল জিলা অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকল (Thousands of Anganwadi workers protest in Dhemaji)৷

প্ৰতিবাদত কঁপিল ধেমাজি জিলা

ধেমাজি, ২৩ মে’ : ৰাজ্যত আকৌ প্ৰতিবাদ ৷ এইবাৰ প্ৰতিবাদত কঁপিল ধেমাজি জিলা ৷ ন্যায্য প্ৰাপ্তিৰ দাবীত সোমবাৰে শতাধিক অংগনৱাড়ী কৰ্মীয়ে ধেমাজি জিলা সমাজ কল্যান বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি সাব্যস্ত কৰে প্ৰতিবাদ (Anganwadi workers protest in Dhemaji) ৷ আনকি প্ৰতিবাদী অংগনৱাড়ী কৰ্মী প্ৰতিবাদস্থলীত মাননি সলনি মজুৰি দিয়ক, অংগনৱাড়ী কৰ্মীক দহ হাজাৰ আৰু সহায়িকাক আঠ হাজাৰ টকা আদায় দিয়ক আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷

মন কৰিবলগীয়া য়ে, এফালে আগন্তুক ২৫ মে’ত ৰাজ্য চৰকাৰে ৪৫ হাজাৰ লোকক তৃতীয় আৰু চতুৰ্থ বৰ্গ চাকৰিত নিযুক্তি দিবলৈ গুৱাহাটীত ৰাজকীয় প্ৰস্তুতি চলাই আছে ৷ এনে সময়তে আনফালে আকৌ ৰাজ্যৰ হাজাৰ হাজাৰ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাই চৰকাৰৰ পৰা প্ৰাপ্য মজুৰি লাভ নকৰি চাৰিদিনীয়া কৈ বিক্ষোভ কাৰ্যসূচী হাতত হৈছে ৷

২৩ মে’ৰ পৰা ২৬ মে’ লৈ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাই কৰ্মবিৰতি পালন কৰি জিলাই জিলাই ৰূপায়ণ কৰিছে বিক্ষোভ কাৰ্যসূচী ৷ ইয়াৰে অংশ হিচাবে ধেমাজিতো সোমাবৰে ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী (Protest in Dhemaji) ৷

লগতে পঢ়ক : Protest in Dibrugarh:জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়ত আছাৰ তীব্ৰ প্ৰতিবাদ

ইপিনে বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যই আকাশ চুইছেগৈ ৷ যাৰ ফলত পৰিয়াল চলাবলৈ অসমৰ্থ হৈ পৰিছে অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকল । এই ক্ষেত্ৰত চৰকাৰৰ তিলমানো গুৰুত্ব নাই বুলি অভিযোগ তৰিছে প্ৰতিবাদকাৰী অংগনৱাড়ী কৰ্মী তথা সহায়িকাসকলে ৷

চৰকাৰে নতুনকৈ নিযুক্তি দি হাজাৰ হাজাৰ লোকক ভালকৈ জীয়াই থকাৰ পথ মুকলি কৰি দিয়াৰ বিপৰীতে এচাম লোকৰ জীয়াই থকাৰ অধিকাৰ কাঢ়ি নিছে বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে ৷ সেয়ে শীঘ্ৰে যদি ৰাজ্যৰ প্ৰতিবাদী অংগনৱাড়ী কৰ্মী তথা সহায়িকাসকলৰ দাবী মানি নলয় তেন্তে পুনৰ ৰাজ্যিক পৰ্যায়ত আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক : Anganwadi workers protest : বেলতলাত অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.